Classifieds
View All
গুৱাহাটী,৮ এপ্ৰিল: ভাৰতীয় সেনাপ্ৰধান জেনেৰেল এম.এম নাৰাভানে বৃহস্পতিবাৰে পাঁচদিনীয়া ভ্ৰমণসূচীৰে বাংলাদেশলৈ ৰাওনা হয় । দুয়োখন দেশৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সহযোগিতা আৰু সমন্বয়ক অধিক সম্প্ৰসাৰিত কৰাৰ স্বাৰ্থত এই ভ্ৰমনসূচীৰে বাংলাদেশলৈ ৰাওনা হয় সেনাপ্ৰধান গৰাকী ।
বৃহস্পতিবাৰে জেনেৰেল নাৰাভানে বাংলাদেশৰ মুক্তি যুদ্ধৰ নায়কসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব আৰু ইয়াৰ পিছত তিনিজন সামৰিক সেৱাৰ মুৰব্বীৰ সৈতে বৈঠকত মিলিত হ'ব ।
সেনা প্ৰধান গৰাকীয়ে ১১ এপ্ৰিলত বাংলাদেশৰ বৈদেশিক মন্ত্ৰীৰ সৈতেও বাৰ্তালাপ কৰিব।
সেনাৰ মুখপাত্ৰ কৰ্ণেল অমন আনন্দে কয়, "৮ ৰ পৰা ১২ এপ্ৰিললৈ এই ভ্ৰমণে দুয়ো দেশৰ সেনাৰ মাজত দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ কৰি তুলিব আৰু দুয়োখন দেশৰ মাজত বিভিন্ন কৌশলগত বিষয়ত সমন্বয় আৰু সহযোগিতাৰ মূল ভেটি হিচাপে কাম কৰিব।"
Comments