গুৱাহাটীঃ ৮ এপ্ৰিলঃ মাওবাদীৰ বিৰুদ্ধে অভিযান চলোৱাৰ বাবে প্ৰায় সাত - আঠ কিলো মিটাৰ খোজকাঢ়ি চুকমা-বিজাপুৰৰ সীমান্তৰ পাহাৰীয়া সেই গাঁও খনত উপস্থিতি হৈছিলগৈ নিৰাপত্তা ৰক্ষীৰ দলটো। গাঁও খনত উপস্থিত হৈ প্ৰায় ৪৫০ জনীয়া নিৰাপত্তাৰক্ষীৰ দলটোৱে এফালৰ পৰা তালাচী আৰম্ভ কৰিছিল। তালাচীৰ কাম শেষ হোৱাৰ পাছত গাওঁ খনৰ পৰা নিৰাপত্তৰক্ষীৰ দলটো উভতি আহোতেই বাটতে সংঘটিত ঘটিছিল সেই ভয়ংকৰ এম্বুশ। নিৰাপত্তাৰক্ষীৰ দলটোৱে ভাবিবই পৰা নাছিল সেই ঠাইত এম্বুশ হব পাৰে বুলি। শাৰী শাৰী কৈ থকা গাঁওখনৰ বাসভৱন সমূহত লুকাই থকা মাওবাদী সকলে আক্ৰমণ কৰিছিল নিৰাপত্তাৰক্ষীৰ দলটোক।
আণ্ডাৰ বেৰেল গ্ৰেণেড লাঞ্চাৰ (ইউবিজিএল) আৰু বৃহৎসংখ্যক লাইট মেচিনগান(এলএমজি) আৰু অন্যান্য স্বয়ংক্ৰিয় অস্ত্ৰেৰে তেওঁলোকে নিৰাপত্তা বাহিনীৰ ওপৰত ধাৰাষাৰে গুলীবৰ্ষণ কৰিছিল। এই আক্ৰমণত নিৰাপত্তাৰক্ষীৰ দলটো ছেদেলি ভেদেলি হৈ পৰিছিল। প্ৰত্যাক্ৰনৰ চিন্তা বাদ দি আহত হোৱা সকলৰ প্ৰাণ ৰক্ষা কৰিবলৈ নামি পৰিছিল নিৰাপত্তাৰক্ষী আন আন লোক সকল। এই ভয়ংকৰ এম্বুশৰ পাছত এটা সময়ত মাওবাদীৰ দলটো সেই স্থাপনৰ পৰা আঁতৰি গৈছিল।
এই আক্ৰমণত ২৩ গৰাকী নিৰাপত্তাৰক্ষীৰ মৃত্যু হোৱাৰ লগতে ৩১ গৰাকী আহত হয়। ইফালে বহু কেইজন নিৰাপত্তাৰক্ষীক মাওবাদীয়ে লগত লৈও যায়। এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত প্ৰায় ২০০০ গৰাকী নিৰাপত্তাৰক্ষী আৰু কোব্ৰা জোৱানে মাওবাদীৰ বিৰুদ্ধে অভিযান চলাই বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ আৰু গোলা-বাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। আনহাতে এই অভিযানত কেবাগৰাকীও মাওবাদী নিহত হোৱা বুলি নিৰাপত্তাৰক্ষী বাহিনীৰ শীৰ্ষ বিষয়া সকলে দাবী কৰি আহিলেও প্ৰকৃতাৰ্থতে কিমান মাওবাদী নিহত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।
Comments