গুৱাহাটী,৯ এপ্ৰিল:২০২০ চনৰ আইপিএল ফাইনেলৰ প্ৰায় পাঁচ মাহৰ পিছত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগে (আই পি এল) পুনৰ সাজু হৈছে দৰ্শকক আমোদ দিবলৈ । ক'ভিড-১৯ মহামাৰীৰ মাজতে মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে এম এ চিদাম্বৰম ষ্টেডিয়ামত আজি আৰম্ভ কৰিব অভিযান ।
দুয়োটা দলেই ক'ভিড যন্ত্ৰণাত আক্ৰান্ত হৈছে । আৰচিবিৰ ডেনিয়েল চামছ আৰু দেৱদত্ত পাডিক্কাল ক'ভিডত আক্ৰান্ত হৈছিল । আনকি পাডিক্কাল খেলপথাৰলৈ উভতি অহাৰ পিছতো চামছ এতিয়াও সুস্থ হোৱা নাই। এডাম জাম্পাও উপলব্ধ নহ'ব।
মুম্বাইৰ কুইন্টন ডি ককে পাকিস্তানৰ বিৰুদ্ধে দক্ষিণ আফ্ৰিকাৰ এদিনীয়া খেলৰ পৰা মাজভাগত উভতি অহাৰ পিছত সংৰক্ষণ নিয়মৰ বাবে উদ্বোধনী খেলত অংশ গ্ৰহণ নকৰিব পাৰে।
ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হব আজিৰ এইখন উদ্বোধনী মেচ ।
পিটছ প্ৰতিবেদন:
চেপকৰ পিটছে স্পিনাৰসকলক বহু বছৰ ধৰি যথেষ্ট পৰিমাণে সহায় কৰিছে। বেটিং কৰাটো ইমান সহজ নহ'বও পাৰে। প্ৰথমে ফিল্ডিং কৰা আৰু পিটছখনে কেনে আচৰণ কৰে সেয়া জনাটো দলবোৰৰ বাবে প্ৰথম প্ৰয়োজন। তাপমাত্ৰা প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ হ'ব আৰু আৰ্দ্ৰতা বেছিভাগ ৬০ ৰ দশকত হ'ব। বৰষুণৰ কোনো সম্ভাৱনা নাই।
গড় স্ক'ৰ: ১৪৬
চেপকত দুয়োটা দলৰ ৰেকৰ্ড:
মুঠ খেল: ৮ খন,বিজয়ী – ৪, পৰাজিত – ৪, আমীমাংক্ষিত – 0
এতিয়ালৈকে দুইটা দলৰ মুখাখিৰ ৰেকৰ্ড(ঘৰ):
মুঠ খেল – ২৯ | মুম্বাই ইণ্ডিয়ানছ – ১৯ | ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ – ১০ | আমীমাংক্ষিত– ০
নিৰপেক্ষ স্থানত:
মুঠ খেল – ১০ | মুম্বাই ইণ্ডিয়ানছ – ৫ | ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ – ৫ | এন/আৰ – ০
ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে তীব্ৰ প্ৰত্যাহ্বান যোগালেও মুম্বাইয়ে আজি ফেভাৰিত ।
Comments