Classifieds
View All
গুৱাহাটী,৮ এপ্ৰিল: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ (এপিচিচি) সভাপতি ৰিপুন বৰাই আজি ভাৰতীয় নিৰ্বাচনী আয়োগক ই ভি এম মেচিনত দিয়া ভোট গণনা কৰাৰ আগতে ডাক ভোট গণনা কৰিবলৈ আহ্বান জনায়।
তেওঁ বিজ্ঞপ্তিত প্ৰকাশ কৰে যে: যোৱা বিহাৰ বিধানসভা নিৰ্বাচনত ই ভি এম ভোটৰ পিছত নিশা পোষ্টেল বেলটৰ ভোট গণনা কৰা হৈছিল। ইয়াৰ বাবে বহুতো প্ৰাৰ্থীয়ে ভোটগণনাৰ সময়ত বিসংগতি আৰু অভিযোগ উত্থাপন কৰিছিল আৰু ই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল"
"ফলস্বৰূপে, বহুতো প্ৰাৰ্থী য়ে ভোটৰ সামান্য ব্যৱধানত পৰাজিত হৈছিল আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আঙুলি তুলিছিল,সেয়েহে, আমি আয়োগক সন্মানেৰে ই ভি এম ভোটৰ আগতে ডাক বেলট ভোট গণনাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ ল'বলৈ অনুৰোধ জনাইছো ।
অসম বিধানসভা নিৰ্বাচনৰ ভোট গণনা অহা ২ মে' তাৰিখে অনুষ্ঠিত হ'ব
Comments