তিনিচুকীয়া: ৮ এপ্ৰিল: আহোম সকলৰ এক অগ্ৰণী সংগঠন পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু মাণখোৱা শাখা সমিতিৰ সহযোগত ডুমডুমা আঞ্চলিক তাই ভাষা সংস্কৃতি চর্চা আৰু সংৰক্ষণ কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সম্পাদক ৰাতুল গগৈয়ে আঁত ধৰা মুকলি সভাৰ সঞ্চালনা কৰে তিনিচুকীয়া জিলা সমিতিৰ সভাপতি লোকনাথ মহনে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক ৰাতুল গগৈয়ে কয় যে--- তাই সাহিত্য সংস্কৃতি, সমল সংৰক্ষণ আৰু সংবৰ্ধন কৰাৰ বাবে, গৱেষণা কৰাৰ বাবে এতিয়াও গুৰুত্ব আছে বুলি উল্লেখ কৰাৰ লগতে তাই সকলৰ, আহোম সকলৰ সাহিত্য-সংস্কৃতিৰ সৰ্বাংগীন উন্নয়ন কৰাৰ বাবে পূৰ্বাঞ্চল তাই সাহিত্য সভাই অনাগত দিনত কাম কৰি যাব বুলিও উল্লেখ কৰে।
মুকলি সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাই যি উদ্দেশ্যত জন্ম গ্ৰহণ কৰিছিল সেয়া চল্লিছ বছৰে সাফল্য অৰ্জন কৰিব নোৱাৰা বুলি আক্ষেপ প্ৰকাশ কৰি তাই ভাষা সংস্কৃতি চৰ্চাৰ ক্ষেত্ৰত চৰকাৰে আৰু তাই সংগঠন সমূহে আৰু অধিক গুৰুত্ব আৰোপ কৰাটো প্ৰয়োজন হৈ পৰিছে বুলিও বিশিষ্ট অতিথিৰ ভাষণত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দেৱকান্ত চেতিয়াই উল্লেখ কৰে। তাই আহোম সকলৰ ভাষা, সাহিত্য-সংস্কৃতিৰ উত্তৰণৰ ক্ষেত্ৰত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ লগতে তাই আহোমৰ আন সংগঠন সমূহৰ সহযোগিতাৰ দিশটো মনপুত নহয় বুলি চেতিয়াই সদৰী কৰে। তাই আহোমৰ ভাষা সাহিত্য সংস্কৃতি উত্তৰণৰ ক্ষেত্ৰত নিজকে সংশোধন কৰি তাই আহোম সকল তথা সংগঠন সমূহ আগবাঢ়ি যাবলৈ আহ্বান জনায়। তাই সংস্কৃতিৰ সাধক হৰ বৰুৱাই ঐতিহাসিক আহোম সকলৰ খাদ্য সম্ভাৰ, পৰম্পৰা সন্দৰ্ভত বক্তব্য দাঙি ধৰে।
সভাত পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ সহকাৰী সম্পাদক ডঃ ৰত্ন গোপাল গগৈয়ে আহোম ৰাজত্ব কালৰ ভাষা,সাহিত্য- সংস্কৃতিৰ কথা উল্লেখ কৰে। তাই ভাষা সাহিত্য অধিক চর্চা আৰু গৱেষণাৰ প্ৰয়োজন থকা বুলি ডঃ গগৈয়ে ভাষণত সদৰী কৰে। মুকলি সভাত তিনিচুকীয়া জিলা সাহিত্য সভাৰ সভাপতি অৰ্জুন বৰুৱাই সকলো জনগোষ্ঠীৰে অসম সাহিত্য সভাই সমন্বয় সেতু গঢ়ি অসমৰ, অসমীয়া ভাষা সাহিত্য সংস্কৃতি সুদৃঢ় কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়। মৰাণ সাহিত্য সভাৰ সম্পাদক মনোৰঞ্জন মৰানে জনগোষ্ঠীয় ভাষা সাহিত্য- সংস্কৃতি সংৰক্ষিত হলেহে, প্ৰচাৰ আৰু প্ৰসাৰ হলেহে বৃহত্তৰ অসমীয়া ভাষা- সংস্কৃতি টনকিয়াল হব বুলি বিশিষ্ট অতিথিৰ ভাষণত উল্লেখ কৰে।
মুকলি সভাত তাই সাহিত্য-সংস্কৃতিৰ সাধক প্ৰদীপ কুমাৰ ফুকন, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ জিলা প্ৰাক্তন সম্পাদক অমৰ দুৱৰা, পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ মহিলা কোষৰ সম্পাদিকা ৰানু বাইলুং বৰুৱা, তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী ৰাজশ্ৰী বুঢ়াগোহাঁই দুৱৰা, তাই ভাষা -সংস্কৃতিৰ সাধক শদিয়াৰ লক্ষণ বৰুৱা, সমাজকৰ্মী মণি চেতিয়া আদি উপস্থিত আছিল। মুকলি সভাৰ আৰম্ভণিতে সমজুৱাকৈ আইচিংলা পৰিবেশনৰ আঁত ধৰে পদ্মেশ্বৰ বুঢ়াগোহাঁইয়ে। ইফালে উদীয়মান কণ্ঠ শিল্পী বনশ্ৰী বাইলুংয়ে গীত পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰে। সভাত প্ৰাচীন কীৰ্তিচিহ্ন, সমল সংৰক্ষণ, তাই ভাষাৰ প্ৰচাৰ -প্ৰসাৰত গুৰুত্ব দি প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ অন্তত শলাগ জ্ঞাপন কৰে পদ্মেশ্বৰ বুঢ়াগোহাঁইয়ে। ইপিনে পুৱাৰ ভাগত সভাৰ সভাপতি লোকনাথ মহনে পতাকা উত্তোলন কৰে আৰু নিত্যানন্দ গগৈয়ে স্মৃতি তৰ্পণ কৰে ।পূৰ্বাঞ্চল তাই সাহিত্য সভাৰ ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত তিনিচুকীয়া জিলাৰ বিভিন্ন ঠাইৰ তাই আহোমৰ সাহিত্য সংস্কৃতিৰ সাধক, লোকসকলে অংশ গ্ৰহণ কৰে।
Comments