Classifieds
View All
তিনিচুকীয়া: ৮ এপ্ৰিল: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নংলাইত আজি দিনৰ ভাগত এক অগ্নিকাণ্ড ঘটনা সংঘটিত হয় ।অগ্নিকাণ্ডৰ ফলত নংলাই নিৱাসী প্ৰফুল্ল গগৈ নামৰ লোকজনৰ বাসগৃহটো জুইত সম্পুৰ্ণ ৰূপে জাহ যায়। অগ্নিকাণ্ডত ঘৰৰ ভিতৰৰ সকলোবোৰ সামগ্ৰী জুইত ভষ্মীভূত হয় ।
পৰিয়ালৰ লোকৰ সন্দেহ মতে ঘৰত কোনো নথকাৰ সুযোগ লৈ কোনো লোকে ঘৰত অগ্নি সংযোগ কৰে। দিন হাজিৰা কৰি পৰিয়াল পোহ-পাল দিয়া পৰিয়ালটোৰ কাষত স্থানীয় মানমৌমূখ বৌদ্ধ বিহাৰাধ্যক্ষই থিয় হৈ পৰিয়ালটোক বিভিন্ন সা-সামগ্ৰীৰ লগতে নগদ ৫ হাজাৰ টকা আৰ্থিক সাহাৰ্য প্ৰদান কৰে । ইপিনে, পৰিয়ালৰ অভিযোগৰ ভিত্তিত কাষৰে ৰাজু গগৈ নামৰ এজন লোকক অগ্নিকাণ্ডৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সুধা -পুছা অব্যাহত ৰাখিছে ।
Comments