Cartoon
View Older
গুৱাহাটী; ১২ এপ্ৰিল: গুৱাহাটী পৌৰ নিগমে চলালে উচ্চেদ অভিযান
বাৰিষাৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ সজাগ হোৱা দেখা গৈছে গুৱাহাটী পৌৰ নিগম বিভাগক।
গুৱাহাটীৰ ফাঁচী বজাৰত পৌৰ নিগমে পথৰ কাষৰ দোকানৰ বিৰুদ্ধে উচ্চেদ অভিযান চলাই কেইবাখনো দোকান ভাঙি দিয়ে।
বাৰিষা কালত গুৱাহাটী মহানগৰীৰ নলা বোৰ লেতেৰা পানীৰে উফন্দি উঠা পৰিলক্ষিত হয়।
পথৰ কাষৰ দোকানবোৰৰ লগতে গুৱাহাটী মহানগৰীৰ ভদ্ৰ মুখা পিন্ধা লোকসমূহে নলাত দলিয়াই দিয়া জাৱৰৰ টোপোলা সমূহৰ বাবে এইবোৰ সমস্যাৰ সৃষ্টি হোৱা দেখা যায়।
লগতে পদপথত অনুজ্ঞাপত্ৰ অবিহনে বহা শাক-পাচঁলিৰ লগতে ফল-মূলৰ দোকান সমূহে পদপথচাৰীৰ যাতায়াতত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰি আহিছে।
Comments