গুৱাহাটী, ৭ মে': আমেৰিকা যুক্তৰাষ্ট্ৰৰ শল্য চিকিৎসক ড০ বিবেক মূৰ্তিয়ে ভাৰতৰ বৰ্তমানৰ ক'ভিড পৰিস্থিতিক চৰম দুৰ্ভাগ্যজনক বুলি আখ্যা কৰে। লগতে ড° মূৰ্তিয়ে ভাৰতৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কয় যে, "ক'ভিডৰ দ্বিতীয় ঢৌৰ সংকটৰ সময়ত সমগ্ৰ বিশ্বই ভাৰতলৈ আগবঢ়োৱা সহায়ে বিশ্ববাসী একত্ৰিত হোৱা পৰিলক্ষিত হৈছে। মহামাৰী ক'ভিডে বিশ্ববাসীক একজোঁট হৈ মোকাবিলা কৰিব লাগিব বুলিও মূৰ্তিয়ে উল্লেখ কৰে।
মূৰ্তিয়ে ক'ভিডৰ সহায়-সহযোগিতা সন্দৰ্ভত কয় যে, "বিশ্বত ভেকছিনৰ পৰ্যাপ্ত যোগান নিশ্চিত কৰাত সহায় কৰা, ৰোগীক সু-চিকিৎসা প্ৰদান কৰা, স্বাস্থ্যসেৱা কৰ্মীসকলক পিপিই কীট যোগান নিশ্চিত কৰা ক্ষেত্ৰত ৰাষ্ট্ৰসমূহে পৰস্পৰে পৰস্পৰক সহায়ৰ হাত আগবঢ়াব লাগিব।"
টিকাকৰণ সন্দৰ্ভত ড° মূৰ্তিয়ে কয় ভাৰত-আমেৰিকাই ক'ভিডৰ টিকাকৰণ অভিযান সদায় অব্যাহত ৰাখিব। ভাৰতৰ বৰ্তমানৰ পৰিস্থিতি অতিকৈ দুৰ্ভাগ্যজনক কিয়নো দেশখনত ক'ভিডৰ বি ১১৭ প্ৰকাৰত আক্ৰান্ত হোৱা ৰোগী পৰিলক্ষিত হৈছে। বিগত বৰ্ষত আমেৰিকাত ক'ভিডৰ বি ১১৭ প্ৰকাৰে ৫০ শতাংশ দ্ৰুত গতিত সিঁচৰিত হৈ পৰিছিল, ফলত বহুতো লোক মৃত্যুমুখত পৰিব লগীয়া হৈছিল।
বৰ্তমান চিকিৎসকলে মাৰাত্মক ভাইৰাছৰ ৬১৭ প্ৰকাৰটোৰ ওপৰত নিৰীক্ষণ কৰি আছে বুলি ড° মূৰ্তিয়ে জানিবলৈ দিয়ে। শেষত ভাৰত-আমেৰিকাৰ শল্য চিকিৎসক প্ৰধান গৰাকীয়ে সকলোৱে নিজৰ লগতে আনকো সহায় কৰিবলৈ আহ্বান জনায়। লগতে দুয়োখন ৰাষ্ট্ৰই সদায়ে সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াই আহিছে আৰু সদায় এই প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি জানিবলৈ দিয়ে।
Comments