Cartoon
View Older
গুৱাহাটী,৭ মে':স্বকীয় অভিনয়ৰে বিশ্বজুৰি থকা চলচ্চিত্ৰ প্ৰেমীৰ হৃদয় জিনিবলৈ সক্ষম হোৱা অনুপম খেৰে লাভ কৰিলে আন এক সন্মানীয় পুৰস্কাৰ ।
শেহতীয়াকৈ মুকলি হোৱা তেওঁৰ চুটি ছবি হেপ্পী বাৰ্থডে’ৰ বাবে নিউয়ৰ্ক চিটি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰে। ছবিখনে সন্মানীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটিৰ বঁটাও লাভ কৰিবলৈ সক্ষম হয় ।
অনুপম খেৰে এই বাৰ্তাটো তেওঁৰ ইনষ্টাগ্ৰাম পেজৰ জৰিয়তে অনুসৰণকাৰীসকলক জানিবলৈ দিয়ে ।
অনুপম খেৰৰ পত্নী কিৰণ খেৰেও তেওঁৰ স্বামীক শুভেচ্ছা জনায় আৰু নিজৰ ইনষ্টাগ্ৰামত তেওঁৰ এই বিজয়ৰ বাবে অভিনন্দন জনায় ।
Comments
সংকটৰ সময়ত অভিনেত্ৰী ছানী লিয়নীৰ মহানুভৱতা:১০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকলৈ যোগান ধৰিলে খাদ্য
Published on May 6, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
ছানী লিয়নীয়ে ইথিকেল ট্ৰিটমেণ্ট অৱ এনিমেলছ চমুকৈ 'পিটা'ৰৰ সহযোগত দিল্লীৰ প্ৰব্ৰজিত শ্ৰমিকলৈ খাদ্য সামগ্ৰী যোগান ধৰে।দিল্লীৰ ১০ হাজাৰ প্ৰব্ৰজিত শ্ৰমিকলৈ ছানী লিয়নীয়ে যোগান ধৰিলে খাদ্য।
ছানী লিয়নীৰ এই প্ৰচেষ্টালৈ উদয় ফাউণ্ডেশ্যন নামৰ NGO-ই সহায়ৰ হাত আগবঢ়াইছে।উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে ছলমান খান,শিল্পা ছেট্টীয়েও আৰ্তজনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে।
আইমী বৰুৱালৈ বিশেষ স্বীকৃতি
Published on May 6, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৬ মে': অসমৰ মহামাৰী কভিড পৰিস্থিতিৰ মাজতে আইমী বৰুৱাই ৰাজ্যবাসীলৈ সুখৰ খৱৰ কঢ়িয়াই আনিছে। অভিনেত্ৰী আইমী বৰুৱাক তেগুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ 'চেমখোৰ'ৰ বাবে 'শ্ৰেষ্ঠ আখ্যান', 'শ্ৰেষ্ঠ মহিলা চলচ্চিত্ৰ' বঁটাৰে সম্বৰ্ধনা জনোৱা হয়।
লগতে চলচ্চিত্ৰ মহোৎসৱত আইমী বৰুৱাক 'শ্ৰেষ্ঠ আত্মপ্ৰকাশ চলচ্চিত্ৰ নিৰ্মাতা' হিচাপেও স্বীকৃতি প্ৰদান কৰা হয়। আইমী বৰুৱাই নায়িকাৰ চৰিত্ৰত অভিনয় কৰা ছবিখনত ডিমাচা জনজাতিৰ লোকসকলৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হৈছিল।