Classifieds
View All
গুৱাহাটী, ৭ মে': বাংলাদেশে মহামাৰী ক'ভিড-১৯ পৰিস্থিতিৰ মাজতে ১০,০০০ ৰেমডেচিভিৰৰ বটল ভাৰতলৈ সহায়ৰ বাবে প্ৰেৰণ কৰে। কলকাতাত বাংলাদেশৰ উচ্চায়ুক্ত তৌফিক হাছানে ভাৰত চৰকাৰৰ প্ৰতিনিধিক ৰেমডেচিভিৰৰ ১০,০০০ বটল হস্তান্তৰ কৰে।"
চৰকাৰী তথ্যই জানিবলৈ দিয়া অনুসৰি ভাৰতৰ ক'ভিড আক্ৰান্ত লোকসকলৰ চিকিৎসাৰ বাবে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিৰ্দেশত বাংলাদেশৰ জনসাধাৰণৰ হৈ স্থানীয়ভাৱে উৎপাদন কৰা ১০,০০০ ৰেমডেচিভিৰৰ বটল ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।
ইয়াৰ উপৰিও বাংলাদেশৰ পৰা ৩০,০০০ পিপিই কিট আৰু কেইবা হাজাৰ জিংক, কেলচিয়াম, ভিটামিন চি আৰু অন্যান্য প্ৰয়োজনীয় টেবলেট ভাৰতলৈ প্ৰেৰণ কৰা হৈছে।
Comments