Choose Language

  • All  
  • English
  • অসমীয়া

অক্সিজেন ছিলিণ্ডাৰৰ পিছত এইবাৰ অক্সিমিটাৰৰ 'ব্লেক মাৰ্কেট'


Published on May 7, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে:মুখ্যমন্ত্ৰী সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য


Published on May 7, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৭ মে':মুখ্যমন্ত্ৰী সন্দৰ্ভত জুবিন গাৰ্গৰ মন্তব্য।বৃহস্পতিবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত হ'ল জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ।মুখ্যমন্ত্ৰী সন্দৰ্ভত সংবাদ মাধ্যমৰ সন্মুখত জুবিনে কয় যে,"মই এজন ডাইনেমিক, এগ্ৰেচীভ,দৌৰিব পৰা মুখ্যমন্ত্ৰী বিচাৰো।

পৰিস্থিতি জটিল।এইসময়ত এজন দৌৰিব পৰা মুখ্যমন্ত্ৰী লাগে।দুয়োজন ককাইদেৱেই আপোন।এইমুহূৰ্তত কাৰো নাম নলও।"

ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লগ ধৰি জুবিন গাৰ্গে নিজৰ কাহিলীপাৰাৰ বাসগৃহটো কোভিড কেয়াৰ চেণ্টাৰ হিচাপে দিব বিচাৰে বুলি উল্লেখ কৰাৰ লগতে কৰ’নাৰ বাবে বিহুৰ অনুষ্ঠান আধাতে সামৰিবলগীয়া হোৱা শিল্পীসকলৰ বাবে ডিচেম্বৰ মাহত বিশেষ অনুষ্ঠান পাতি শিল্পীসকলক সহায় কৰাৰ পৰিকল্পনাৰ বিষয়েও মন্ত্ৰী অৱগত কৰে।

তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে মুথুভেল কৰুণানিধি ষ্টেলিনৰ শপতগ্ৰহণ


Published on May 7, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৭ মে':ডি এম কেৰ মুৰব্বী এম কে ষ্টেলিনে আজি চেন্নাইত ৰাজ্যপাল বনৱাৰীলাল পুৰোহিতৰ উপস্থিতিত তেওঁৰ মন্ত্ৰীসভাৰ ৩৩ জন সদস্যৰ সৈতে তামিলনাডুৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।


শপত গ্ৰহণ অনুষ্ঠানটোত উপস্থিত আছিল তেওঁৰ পত্নী দুৰ্গা ষ্টেলিন,পুত্ৰ উধায়ানিধি ষ্টেলিন যি এই বছৰ নিৰ্বাচনত প্ৰথমবাৰৰ বাবে আত্মপ্ৰকাশ কৰিছিল আৰু চেন্নাইৰ চেপক-থিৰুভাললিকেনি আসনৰ পৰা বিজয়ী হৈছিল ।

লগতে উপস্থিত আছিল ষ্টেলিনৰ দলৰ লোকসভাৰ সাংসদ কানিমোঝি আৰু নিৰ্বাচনী ৰণনীতিবিদ প্ৰশান্ত কিশোৰ, যি ডিএম কেৰ নিৰ্বাচনী জয়ৰ মূল সূত্ৰধাৰ আছিল।

ষ্টেলিনে মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ গৃহমন্ত্ৰী হিচাপেও শপত গ্ৰহণ কৰে ।

 

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account