Classifieds
View All
গুৱাহাটী, ৭ মে': ৰাজ্যৰ ভয়াবহ ক'ভিড-১৯ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, গুৱাহাটী বিশ্ববিদ্যালয়ে অনলাইন মাধ্যমযোগে 'অপেন বুক চিষ্টেম' (মুক্ত গ্ৰন্থ প্ৰণালী)ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সিন্ধান্ত গ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈৰ নেতৃত্বত অনুষ্ঠিত হোৱা এক জৰুৰীকালীন বৈঠকত কৰ্তৃপক্ষই অনলাইন যোগে পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰাৰ জাননীঃ প্ৰকাশ কৰে।
বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ শ্ৰেণীৰ পৰীক্ষাসমূহ ১ ৰ পৰা ১৫ জুনলৈ অনলাইন মাধ্যমত অনুষ্ঠিত হ'ব। আনহাতে স্নাতক মহলাৰ পৰীক্ষাসমূহ জুনৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ হ'ব। পৰৱৰ্তী সময়ত পৰীক্ষা সন্দৰ্ভত বিস্তৃত নিয়মাৱলী প্ৰকাশ কৰা হ'ব বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Comments
ভাৰতীয় বায়ু সেনাৰ বিমানে ছিংগাপুৰ আৰু বেংককৰ পৰা কঢ়িয়াই আনিলে অক্সিজেন কণ্টেইনাৰ
Published on May 7, 2021|News Source : অৰূপ ডেকা
গুৱাহাটী, ৭ মে': ভাৰতৰ ভয়াৱহ ক'ভিড পৰিস্থিতি সৈতে যুঁজ চলি থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় বায়ু সেনাই বিমানযোগে ছিংগাপুৰৰ পৰা ৩টা আৰু বেংককৰ পৰা ৪টা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ পশ্চিমবংগৰ পানাগড় বিমান ঘাটিলৈ কঢ়িয়াই আনে। থাইলেণ্ডৰ ভাৰতীয় দূতাবাসৰ তথ্য অনুসৰি বায়ু সেনাৰ বিমানখনে ইণ্ডিয়া-থাই চেম্বাৰ অফ কমাৰ্চে সহায় স্বৰূপে আগবঢ়োৱা ৩০ টা কনচেণ্ট্ৰেটৰ কঢ়িয়াই আনে। ভাৰতীয় বায়ু সেনাৰ চি-১৭ বিমানেৰে বেংককৰ পৰা পঞ্চম ক্ৰায়’ অ'২ টেংকৰ সামগ্রী প্ৰেৰণ কৰা হয়। উক্ত চি-১৭ বিমানযোগে হিন্দনৰ পৰা ৰাঁচীলৈ ৩টা, লক্ষ্ণৌ, বাৰেলী আৰু আগ্ৰাৰ পৰা ৰাঁচী আৰু জামনগৰলৈ ৬ টা, যোধপুৰৰ পৰা জামনগৰলৈ ৪টা, ভূপালৰ পৰা জামনগৰ আৰু ৰাঁচীলৈ ৪টা, হিন্দনৰ পৰা ভুৱনেশ্বৰলৈ ২ টা, বিজয়ৱাড়াৰ পৰা ভুৱনেশ্বৰলৈ ২ টা আৰু নাগপুৰৰ পৰা ভূৱনেশ্বৰলৈ ৪ টা ক্ৰায়'জেনিক অক্সিজেন কণ্টেইনাৰ আনিছে।
তদুপৰি ভাৰতীয় বায়ু সেনাৰ এএন-৩২-এ আহমেদাবাদৰ পৰা ডিমাপুৰলৈ ৩ টন অক্সিজেন, পালমৰ পৰা মুম্বাইলৈ ২৮ টা ভেণ্টিলেটৰ আৰু দিল্লীৰ পৰা হায়দৰাবাদলৈ ৪০ টা অক্সিজেন কনচেণ্ট্ৰেটৰ বিমানযোগে প্ৰেৰণ কৰে। লগতে ভাৰতীয় বায়ু সেনাৰ চি-১৩০-এ লেগপুইৰ পৰা পাটনালৈ ৫২ জন যাত্ৰীৰ এখন ফিল্ড হস্পিটেল স্থাপনৰ বাবে ১৬ টন অক্সিজেন বিমানযোগে প্ৰেৰণ কৰে। আন এখন চি-১৩০ বিমানে পালমৰ পৰা গুৱাহাটী আৰু যোৰহাটলৈ অক্সিজেন কনচেণ্ট্ৰেটৰ কঢ়িয়াই আনে।
ভাৰতীয় বায়ু সেনাৰ আইএল-৭৬-এ দিল্লীৰ পৰা মুম্বাইলৈ ১৫৫ টা ভেণ্টিলেটৰ বিমানযোগে কঢ়িয়াই নিয়ে। আন এখন আইএল-৭৬ বিমানে দিল্লীৰ পৰা তিৰুৱন্তপুৰমলৈ ১৫০ টা অক্সিজেন কনচেণ্ট্ৰেটৰ আনে। ভাৰতত বিগত ২৪ ঘণ্টাত ৪,১২,২৬২ টা নতুন ক'ভিড-১৯ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।
উক্ত ঘটনাক লৈ দেশত বৰ্তমান ক'ভিড আক্রান্তৰ সংখ্যা ২,১০,৭৭,৪১০ জনলৈ বৃদ্ধি হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত প্ৰায় ৩,৯৮০ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হয়। ফলত দেশখনত মুঠ ক'ভিড মৃত্যুৰ সংখ্যা ২,৩০,১৬৮ জনলৈ বৃদ্ধি পাইছে।