Classifieds
View All
গুৱাহাটী, ৭ মে': ৰাজ্যৰ শেহতীয়া ক'ভিড-১৯ সংকটৰ প্ৰতি লক্ষ্য ৰাখি, তেজপুৰ বিশ্ববিদ্যালয়ে পৰীক্ষাগাৰত উপলব্ধ থকা খালী অক্সিজেন চিলিণ্ডাৰ সমূহ নিকটৱৰ্তী চিকিৎসালয়ক প্ৰদান কৰাৰ সিদ্ধান্ত গ্রহণ কৰে।
উক্ত বিষয় সন্দৰ্ভত তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে কয় যে, "মহামাৰী ক'ভিড ৰোগীৰ সু-চিকিৎসাৰ বাবে কৰ্তৃপক্ষই চিকিৎসালয় সমূহত অক্সিজেন চিলিণ্ডাৰৰ অভাৱ পূৰণ কৰাৰ চেষ্টা চলাব। তাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয়ে পৰীক্ষাগাৰত উপলব্ধ থকা অক্সিজেনৰ খালী চিলিণ্ডাৰসমূহ নিকটতম চিকিৎসালয়ত প্ৰদান কৰি স্বাস্থ্যসেৱাত সহায় কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।"
Comments