Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী,উচ্চতম ন্যায়ালয়ত আবেদন


Published on May 6, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

মন্ত্রীসভাক লৈ ব্যাপক জল্পনা-কল্পনা


Published on May 6, 2021|News Source : জনমভূমি

গুৱাহাটী ষ্টাফ ৰিপর্ৰ, মে বিজেপি মিত্রজোঁট চৰকাৰৰ মন্ত্রী-সভাখনক কেন্দ্র কৰি  সর্বত্রে চলিছে জল্পনা-কল্পনা৷ কোন কোন সৌভাগ্যৱানে মন্ত্রীসভাত অন্তর্ভুক্ত ব৷  বিজেপি মিত্রজোঁটৰ অংশীদাৰ দল অগপ আৰু ইউ পি পি এলে কেইটাকৈ মন্ত্রী পদ লাভ কৰিব? মন্ত্রীসভাত জিলা বা অঞ্চল ভিত্তিক  স্থান দিয় , নে জ্যেষ্ঠ আৰু অভিজ্ঞতাৰ ভিত্তিত গঠন সেই লৈ চিন্তা-চর্চা আৰম্ভ হৈছে৷ উল্লেখযোগ্য যে ২০১৬ চনত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ প্রথম মন্ত্রীসভাখন ১০ জনীয়া আছিল৷

পৰৱর্তী সময়ত আন ৮জনক অন্তর্ভুক্ত কৰা হৈছিল৷ এইবাৰো অসম মন্ত্রীসভা তেনে ফর্মূলাতে গঠন হোৱাৰ সম্ভাৱনা আছে৷ মুখ্যমন্ত্রী সোণোৱালে প্রথমে গঠন কৰা মন্ত্রীসভাত বিধানসভালৈ দুই, তিনিবাৰ বা তাতোকৈ অধিক কার্যকালৰ বাবে নির্বাচিতসকলক স্থান দিয়া হৈছিল৷

পৰৱর্তী সময়ত মন্ত্রীসভা সম্প্রসাৰণৰ সময়তহে নতুনকৈ নির্বাচিত বিধায়কক মুখ্যমন্ত্রী সোণোৱালে অন্তর্ভুক্ত কৰে৷ সেই দৃষ্টিকোণৰ পৰা এইবাৰো তেনে চর্ত আগত ৰাখি প্রথম অৱস্থাত মন্ত্রীসভাখন অসম্পূর্ণকৈ গঠন কৰাৰ সম্ভাৱনা আছে৷ যোৱা দুই মে নির্বাচনৰ ফল ঘোষণা যদিও আজি চাৰি দিন ৰাজ্য চৰকাৰৰ নেতৃত্ব কোনে সেই সম্পর্কত বিজেপিৰ সংসদীয় কমিটীয়ে আনুষ্ঠানিক সিদ্ধান্ত   ঘোষণা কৰা নাই৷

তাৰ মাজতে মন্ত্রীসভাক লৈ চলিছে ব্যাপক জল্পনা-কল্পনা৷ সোণোৱাল মন্ত্রীসভাত এজনো ধর্মীয় সংখ্যালঘু প্রতিনিধি নথকাৰ দৰে এইবাৰো সম্প্রদায়টোৰ কোনো প্রতিনিধি নাথাকিব৷  মিত্র দল অগপই কমেও দুটা মন্ত্রী পদ লাভ কৰাটো নিশ্চিত হোৱাত সেই স্থান দুটাত অতুল বৰা আৰু কেশৱ মহন্ত অন্তর্ভুক্ত হোৱাটো খাটাং৷ তেনেদৰে ইউ পি পি এলৰ পৰা উর্খাও গৌড়া ব্রহ্মই মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে৷ অসম মন্ত্রীসভাত ভৈয়াম অঞ্চলৰ জনজাতীয় প্রতিনিধিত্বৰ প্রয়োজনীয়তাৰ প্রতি লক্ষ্য ৰাখি ডাঃ ৰণোজ পেগু বা নৱ কুমাৰ দলে অন্তর্ভুক্ত পাৰে৷ বটদ্রৱাত আঙুৰলতা ডেকাই পৰাজিত হোৱাৰ পাছত মহিলাৰ প্রতিনিধিত্বৰ বাবে সুমন হৰিপ্রিয়াৰ নাম চর্চা লেও অভিজ্ঞতাৰ ভিত্তিত অজন্তা নেওগেহে স্থান পোৱাৰ সম্ভাৱনা আছে৷ 

তেনেদৰে পার্বত্য এলেকাৰ পৰা বিদ্যাছিং ইংলেং বা ডাঃ নোমল মমিন, বৰাক উপত্যকাৰ পৰা পৰিমল শুক্লবৈদ্য, উত্তৰ অসমৰ পৰা পদ্ম হাজৰিকাৰ নাম চর্চালৈ আহিছে৷ উল্লেখযোগ্য যে শোণিতপুৰ জিলাৰ পৰা ৰঞ্জিত দত্ত মন্ত্রীসভাত অন্তর্ভুক্ত হৈছিল যদিও জ্যেষ্ঠতাৰ বাবে তেওঁ বা চন্দ্রমোহন পাটোৱাৰী অধ্যক্ষ নির্বাচিত পাৰে৷ পাটোৱাৰীৰ স্থানত জয়ন্ত মল্ল বৰুৱাৰ লগতে পীয়ুষ হাজৰিকাইপুনৰ মন্ত্রীসভাত অন্তর্ভুক্ত পাৰে৷ এইবাৰ বিৰোধীৰ সদস্য বৃদ্ধি হোৱাৰ ফলত শাসক পক্ষ বিধানসভাত যিকোনো বিষয়ত তীব্র আক্রমণৰ সন্মুখীন লাগিব৷

সেয়েহে বিধানসভাৰ অধিৱেশন কঠোৰভাৱে পৰিচালনা কৰিবলৈ মন্ত্রীসভাত অন্তর্ভুক্তিৰ পৰিৱর্তে পুনৰ হিতেন্দ্র নাথ গোস্বামীকে অধ্যক্ষৰ দায়িত্ব দিয়াৰ সম্ভাৱনাকো নুই কৰিব নোৱাৰি৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস এইবাৰ মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ দাস মন্ত্রীসভাত অন্তর্ভুক্ত লে ৰাজ্যিক সভাপতি হিচাপে ভৱেশ কলিতা আৰু বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াৰ নাম চর্চালৈ আহিছে৷

বিধানসভালৈ কেইবাটাও কার্যকালৰ বাবে নির্বাচিত জ্যেষ্ঠ বিধায়ক প্রশান্ত ফুকন আৰু ৰাজ্য সভাৰ সাংসদ বিশ্বজিদৈমাৰীৰ  লগতে চাহ জনগোষ্ঠীৰ  প্রতিনিধি হিচাপে সঞ্জয় কিষাণ বা তেৰছ গোৱালাৰ    তেওঁলোকৰ মাজৰ পৰা যিকোনো এজনৰ লগতে  যোগেন মহনে পুনৰবাৰ মন্ত্রীসভাত স্থান পোৱাৰ সম্ভাৱনা আছে৷ বিজেপি মিত্রজোঁট চৰকাৰৰ কার্যকালত বিধানসভাৰ উপাধ্যক্ষ পদটো বৰাক উপত্যকাৰ দৰে নির্দিষ্ট কৰি থোৱাৰ দৰে আছিল৷ প্রথম অৱস্থাত উপাধ্যক্ষৰ পদত আছিল শিলচৰৰ দিলীপ পাল৷ পালে পদত্যাগ কৰাৰ পাছত সোণাই সমষ্টিৰ আনোৱাৰ হুছেইন লস্কৰক উপাধ্যক্ষৰ দায়িত্ব দিয়া হৈছিল৷ একেই ব্যৱস্থাৰে এইবাৰ উপাধ্যক্ষ হিচাপে পাথাৰকান্দি সমষ্টিৰ কৃষ্ণেন্দু পালক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে৷

 

 

বিপৰ্যয়ৰ দিশে দেশৰ পৰিস্থিতি: ৪.১২ লাখ লোক ক'ভিড আক্ৰান্ত, ৩,৯৮০জনৰ মৃত্যু


Published on May 6, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৬ মে': বিগত ২৪ ঘণ্টাত ভাৰতত ক'ভিডত ৩,৯৮০ জন লোকৰ মৃত্যু হয়। এই মৃত্যুৰ ঘটনা এতিয়ালৈকে এদিনত মৃত্যু হোৱাৰ সংখ্যাৰ ভিতৰত সৰ্বাধিক বুলি বিবেচিত হৈছে। বৰ্তমান দেশখনৰ ৪.১২ লাখ লোক নতুনকৈ সংক্ৰমণ ঘটনাৰে ভাৰতবাসী বিপৰ্যয়ৰ দিশে গতি কৰিছে। 

দেশৰ ক'ভিড পৰিস্থিতিৰ শীৰ্ষ ১০ শেহতীয়া পৰিস্থিতিৰ বৰ্ণনা তলত উল্লেখ কৰা হ'ল:

১. বুধবাৰৰ এক পৰ্যালোচনা বৈঠকৰ পিছত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে কয় যে অসম, পশ্চিম বংগ, উৰিষ্যা, বিহাৰ আৰু ঝাৰখণ্ডত দৈনিক ঘটনা আৰু মৃত্যুৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে।

২. মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰেলা আৰু উত্তৰ প্ৰদেশকে ধৰি ১২ খন ৰাজ্যত এক লাখতকৈও অধিক সক্ৰিয় ক'ভিড ৰোগী চিকিৎসাধীন অৱস্থাত আছে। 

৩. ৩০ খন জিলাত বিগত দুসপ্তাহ ধৰি ক'ভিডৰ ঘটনা অত্যাধিক হাৰত বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

৪. বিগত বছৰৰ পিছত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত ৰাজ্য মহাৰাষ্ট্ৰই বুধবাৰে অভিলেখ গঢ়ি ৯২০ জন ক'ভিড ৰোগীৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। উক্ত ক'ভিড মৃত্যুৰ সংখ্যাৰে ৰাজ্যখনত আৰু ৫৭,০০০ লৈ বৃদ্ধি পাইছে। 

৫. মহাৰাষ্ট্ৰৰ ৰাজধানী মুম্বাইত ৩,৮৭৯ টা নতুন ক'ভিড আক্রান্তৰ ঘটনা আৰু ৭৭জন লোকৰ মৃত্যু হয়, আনহাতে পুনেত ৯,০৮৪ টা নতুন ক'ভিডৰ ঘটনা আৰু ৯৩ জন লোকৰ মৃত্যু হোৱা পৰিলক্ষিত হৈছে। ৰাজ্যখনত বৰ্তমান ৬.৪১ লাখ সক্ৰিয় ক'ভিড ৰোগী আছে।

৬. কৰ্ণাটকত ক'ৰনা মহামাৰীৰ আৰম্ভণিৰে পৰা একক সৰ্ববৃহৎ ৫০,০০০ৰ অধিক ক'ভিড আক্ৰান্তৰ প্ৰতিবেদন পোৱা গৈছে। উক্ত ঘটনাৰ আধা সংখ্যক ৰাজধানী বেংগালুৰুৰ পৰা পোৱা গৈছে।

৭. বিশ্ব স্বাস্থ্য সংস্থাই ভাৰতৰ ক'ভিড পৰিস্থিতি সন্দৰ্ভত কয় যে, "বিগত সপ্তাহত বিশ্বৰ সৰ্বমুঠ ঘটনাৰ ভাৰতত ৪৬ শতাংশ আক্ৰান্ত আৰু ২৫ শতাংশ মৃত্যু হোৱা লোকৰ প্ৰতিবেদন পোৱা গৈছে। সমগ্ৰ বিশ্বই ভাৰতক সহায়ৰ হাত নিদিলে পৰিস্থিতি আৰু ভয়াবহ দিশে গতি কৰিব বুলি সংস্থাটিয়ে জানিবলৈ দিয়ে। 

৮. 'ইউনিচেফ'ৰ কাৰ্যবাহী সঞ্চালক হেনৰিটা ফ'ৰে ভাৰতৰ ক'ৰনা পৰিস্থিতিৰ বাবে বিশেষজ্ঞসকলে সতৰ্ক কৰি দিয়ে আৰু লগতে পৰিস্থিতি এইদৰে অৱনমিত হৈ থাকিলে দেশখনে ক'ভিডৰ তৃতীয় ঢৌৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হোৱাৰ আহ্বান জনায়। 

৯. চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা কে বিজয় ৰাঘৱনে ক'ভিড পৰিস্থিতি সন্দৰ্ভত এক সন্মিলন সম্বোধন কৰি কয় যে, "দেশত এতিয়ালৈকে ১৬.২৪ কোটিৰো অধিক ক'ভিড-১৯ ভেকচিন পালি প্ৰদান কৰা হৈছে। বিগত ২৪ ঘণ্টাত ১৮-৪৪ বছৰ বয়সৰ ২.৩ লাখৰো অধিক হিতাধিকাৰীক টিকাকৰণ সম্পন্ন হৈছে।

১০. আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বিডেনৰ প্ৰশাসনে বিশ্ব বাণিজ্য সংস্থাৰ সৈতে ক'ভিড ভেকচিনৰ সুৰক্ষাৰ ওপৰত এক বিশ্বব্যাপী ৰেহাই আঁচনিৰ কথা ঘোষণা কৰিছে।

২০১৯ বৰ্ষৰ অন্তিম পৰ্যায়ৰ পৰা আৰম্ভ ক'ভিড মহামাৰীৰ ফলত বিশ্বজুৰি ৩২ লাখৰো অধিক লোকে প্ৰাণ হেৰুৱাব লগা হৈছে।


Published on January 1, 1970|News Source :
Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account