Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

নিৰ্বাচনী হিংসাত জৰ্জৰিত বংগলৈ চৰজমিন তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দল


Published on May 6, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী,উচ্চতম ন্যায়ালয়ত আবেদন


Published on May 6, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী, ৬ মে':দেওবাৰে পশ্চিমবঙ্গৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক হিংসাৰ সূত্ৰপাত হয় যাৰ ফলত কেইবাজনো লোক নিহত হয় আৰু বহুতো লোক আহত হয়। মুখ্যতঃ বৰ্ধমান আৰু পশ্চিম মেদিনীপুৰৰ পৰা এই হিংসাৰ খবৰ পোৱা গৈছিল। 

পশ্চিম বংগৰ একাধিক প্ৰান্তত সংঘটিত হোৱা এই বৰ্বৰ হিংসাৰ পৰিপ্ৰেক্ষিতত এতিয়া বহুতে অনুচ্ছেদ ৩৫৬ ৰ প্ৰয়োগৰ দাবী কৰিছে। যিটো প্ৰয়োগ কৰাৰ লগে লগে বংগৰ শাসন আহি পৰিব কেন্দ্ৰৰ হাতত । কোনো ৰাজ্যিক মন্ত্ৰী আৰু মুখপাত্ৰই ৰাষ্ট্ৰপতি শাসনৰ পোষকতা নকৰিলেও এই হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এই সাংবিধানিক বিকল্পটোৰ প্ৰয়োগ কৰিব পাৰি। ইতিমধ্যে এই দাবীৰে তামিলনাডুৰ ইণ্ডিক কালেক্টিভ ট্ৰাষ্টে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থও হৈছে।

আমোদজনক ভাৱে, ২০০৭ চনত মমতা বেনাৰ্জীয়ে তদানীন্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে অনুচ্ছেদ ৩৫৬ ব্যৱহাৰৰ দাবী জনাইছিল, মুখ্যমন্ত্ৰীৰ দলে ৰাজ্যখনৰ সাধাৰণ লোকক সন্ত্ৰাসিত কৰি থকা ঘটনাৰ উদ্ধৃতি দি আৰু ভোটাৰসকলক ভয় খুৱাবলৈ আক্ৰমণ কৰাৰো চেষ্টা কৰা বুলি দাবী উত্থাপন কৰিছিল। কিন্তু বিধিৰ বিপাক প্ৰায় ১৪ বছৰৰ পিছত, ৰাজ্যখনত সেই একেই স্থিতিত মমতাই নিজক দেখা পাইছে।

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনকাৰে সোমবাৰে আবেলি কলকাতাৰ আয়ুক্তৰ সৈতে পশ্চিম বংগ আৰক্ষীৰ ডিজিপিক মাতি পঠোৱাৰ পিছতেই এই প্ৰশ্নটো উত্থাপিত হৈছিল। ৰাজ্যপালজনে হিংসাত প্ৰাণ হেৰুওৱা লোক সকলৰ বিষয়ে টুইটও কৰিছিল ।

 


Published on January 1, 1970|News Source :
Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account