Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

অষ্ট্ৰেলিয়াৰ খেলুৱৈক লৈ যোৱা হ'ল মালদ্বীপলৈ,মাইক হাছি কভিড পজিটিভ


Published on May 6, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

বাতিল কৰা হ'ল বহু চৰ্চিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ


Published on May 4, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৪ মে':ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ আৰু ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে এক জৰুৰী বৈঠকত সৰ্বসন্মতিক্ৰমে তাৎক্ষণিক ভাৱে আই পি এল ২০২১ ছিজন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। 

তেওঁলোকে এক বিবৃত্তি যোগে প্ৰকাশ কৰে যে,"বি চি চি আই য়ে খেলুৱৈ, সহায়ক কৰ্মচাৰী আৰু আই পি এল আয়োজনৰ সৈতে জড়িত আন অংশগ্ৰহণকাৰীসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত আপোচ কৰিব নিবিচাৰে। সকলো অংশীদাৰৰ সুৰক্ষা, স্বাস্থ্য আৰু কল্যাণৰ কথা মনত ৰাখি আমাৰ এই সিদ্ধান্ত লোৱা হৈছে ।"

তেওঁলোকে লগতে কয় যে,"আমি দেশৰ এনে বিপৰ্যয়ৰ মাজতেই কিছু আনন্দ আনিবলৈ চেষ্টা কৰিছিলো, অৱশ্যে প্ৰতিযোগিতাখন এতিয়া স্থগিত কৰাটো অতি প্ৰয়োজনীয় আৰু এই কঠিন সময়ত সকলোৱে তেওঁলোকৰ পৰিয়াল আৰু প্ৰিয়জনৰ ওচৰলৈ ঘূৰি যাব বিচাৰিছে।"

লগতে বি চি চি আই য়ে আই পি এল ২০২১ত অংশগ্ৰহন কৰা সকলো খেলুৱৈয়ে সুৰক্ষিত ভাবে যাতে নিজ দেশলৈ ঘূৰি যাব পাৰে তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব সদ্য স্থগিত আই.পি.এল


Published on May 5, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী,৫ মে': ভাৰতত ক'ভিড-১৯ৰ ব্যাপক সংক্ৰমণৰ বাবেই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) মঙলবাৰে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ(আই পি এল)ৰ চতুৰ্দশ সংস্কৰণ স্থগিত ৰখাৰ কথা ঘোষণা কৰিছিল। 

কিন্তু ব'ৰ্ডে এই আধৰুৱা লীগখন টি-২০ বিশ্বকাপৰ আগতে অৰ্থাৎ ছেপ্টেম্বৰত শেষ কৰিবলৈ আগ্ৰহী। বিচিচিআইৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে যদি ছেপ্টেম্বৰত ক'ভিড-১৯ৰ পৰিস্থিতি নিয়ন্ত্ৰণত থাকে, তেন্তে লীগৰ চতুৰ্দশ সংস্কৰণ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিম।

বিষয়া জনে লগতে কয় "আমি টি-২০ বিশ্বকাপৰ আগতে এই খেলখন শেষ কৰিব বিচাৰিম । ই প্ৰকৃততে বিশ্বকাপৰ আগতে সকলো খেলুৱৈৰ বাবে এক ভাল প্ৰস্তুতিক্ষেত্ৰ হিচাপে কাম কৰিব পাৰে" ।

উল্লেখযোগ্য যে অনাগত টি-২০ বিশ্বকাপ অক্টোবৰ আৰু নৱেম্বৰ মাহত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা ।

 

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account