Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

পশ্চিম বংগত আক্ৰমণৰ সন্মুখীন হ'ল কেন্দ্ৰীয় মন্ত্ৰী ভি মুৰুলীধৰণ


Published on May 6, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

পশ্চিম বংগত ৰাষ্ট্ৰপতি শাসনৰ দাবী,উচ্চতম ন্যায়ালয়ত আবেদন


Published on May 6, 2021|News Source : ৰাহুল ডেকা

গুৱাহাটী, ৬ মে':দেওবাৰে পশ্চিমবঙ্গৰ নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ লগে লগে পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰাজনৈতিক হিংসাৰ সূত্ৰপাত হয় যাৰ ফলত কেইবাজনো লোক নিহত হয় আৰু বহুতো লোক আহত হয়। মুখ্যতঃ বৰ্ধমান আৰু পশ্চিম মেদিনীপুৰৰ পৰা এই হিংসাৰ খবৰ পোৱা গৈছিল। 

পশ্চিম বংগৰ একাধিক প্ৰান্তত সংঘটিত হোৱা এই বৰ্বৰ হিংসাৰ পৰিপ্ৰেক্ষিতত এতিয়া বহুতে অনুচ্ছেদ ৩৫৬ ৰ প্ৰয়োগৰ দাবী কৰিছে। যিটো প্ৰয়োগ কৰাৰ লগে লগে বংগৰ শাসন আহি পৰিব কেন্দ্ৰৰ হাতত । কোনো ৰাজ্যিক মন্ত্ৰী আৰু মুখপাত্ৰই ৰাষ্ট্ৰপতি শাসনৰ পোষকতা নকৰিলেও এই হিংসা নিয়ন্ত্ৰণ কৰাৰ বাবে এই সাংবিধানিক বিকল্পটোৰ প্ৰয়োগ কৰিব পাৰি। ইতিমধ্যে এই দাবীৰে তামিলনাডুৰ ইণ্ডিক কালেক্টিভ ট্ৰাষ্টে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থও হৈছে।

আমোদজনক ভাৱে, ২০০৭ চনত মমতা বেনাৰ্জীয়ে তদানীন্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ বিৰুদ্ধে অনুচ্ছেদ ৩৫৬ ব্যৱহাৰৰ দাবী জনাইছিল, মুখ্যমন্ত্ৰীৰ দলে ৰাজ্যখনৰ সাধাৰণ লোকক সন্ত্ৰাসিত কৰি থকা ঘটনাৰ উদ্ধৃতি দি আৰু ভোটাৰসকলক ভয় খুৱাবলৈ আক্ৰমণ কৰাৰো চেষ্টা কৰা বুলি দাবী উত্থাপন কৰিছিল। কিন্তু বিধিৰ বিপাক প্ৰায় ১৪ বছৰৰ পিছত, ৰাজ্যখনত সেই একেই স্থিতিত মমতাই নিজক দেখা পাইছে।

পশ্চিম বংগৰ ৰাজ্যপাল জগদীপ ধনকাৰে সোমবাৰে আবেলি কলকাতাৰ আয়ুক্তৰ সৈতে পশ্চিম বংগ আৰক্ষীৰ ডিজিপিক মাতি পঠোৱাৰ পিছতেই এই প্ৰশ্নটো উত্থাপিত হৈছিল। ৰাজ্যপালজনে হিংসাত প্ৰাণ হেৰুওৱা লোক সকলৰ বিষয়ে টুইটও কৰিছিল ।

 


Published on January 1, 1970|News Source :

নিৰ্বাচনী হিংসাত জৰ্জৰিত বংগলৈ চৰজমিন তদন্তৰ বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ দল


Published on May 6, 2021|News Source : বিজয় শংকৰ বৰা

 

গুৱাহাটী, ৬ মে' : কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে নিৰ্বাচনী হিংসাত জৰ্জৰিত বংগলৈ চৰজমিন তদন্তৰ বাবে আজি চাৰিজনীয়া এটা বিষয়াৰ দল পঠিয়াইছে।


অতিৰিক্ত সচিব পৰ্যায়ৰ বিষয়াৰ নেতৃত্বত যোৱা দলটোৱে বংগত ২ মে' তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পশ্চাদত সংঘটিত হোৱা হিংসাত্মক ঘটনা সমূহৰ বিষয়ে তথ্য সংগ্ৰহ কৰি কেন্দ্ৰীয় চৰকাৰক এটা ৰিৰ্পট দাখিল কৰিব।

ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰণালয়ে বংগ চৰকাৰক হিংসা বন্ধ কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰিও এটা বিতং ৰিৰ্পট বিচাৰিছে।


যোৱা দেওবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পৰা সমগ্ৰ ৰাজ্যখনত বিজয়ী তৃণমূল কংগ্ৰেছ আৰু বিজেপি দলৰ সদস্য মাজত হিংসাত্মক ঘটনাৰ সূত্ৰপাত হয়। 
হিংসাত্মক ঘটনাবোৰৰ সম্পৰ্কত দুয়োটা দলে ইটোৱে সিটোক দোষাৰোপ কৰিছে।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account