Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5136

শ্বিলং তথা সমগ্ৰ পূৱ খাছী পাহাৰ জিলাত বৰ্তমান বলৱৎ  থকা লকডাউন ১৭ মে' লৈ বৃদ্ধি


Published on May 8, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

মেঘালয়: পূৱ খাচী পাহাৰত জাৰি কৰা হ'ল সংশোধিত নৈশ সান্ধ্য আইন 


Published on May 4, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৪ মে: ক'ভিড-১৯ৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি পূৱ খাচী পাহাৰ জিলা দণ্ডাধীশে জিলাখনত নৈশ সান্ধ্য আইনৰ সময়সীমা সংশোধিত ৰূপত প্ৰকাশ কৰিছে।নতুন সময়সূচী অনুসৰি সন্ধিয়া ৮ বজাৰ সলনি ৭ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব। ক'ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস কৰাৰ বাবে, শ্বিলঙৰ দোকান, ব্যৱসায়িক প্ৰতিষ্ঠান দৈনিক সন্ধিয়া ৭ বজাৰ ভিতৰত বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰা হয়। অৱশ্যে ফাৰ্মাচী আৰু পেট্ৰ'ল পাম্পসমূহক ৰেহাই দি নিশা ১০ বজালৈ খোলাৰ অনুমতি প্রদান কৰা হৈছে। লগতে অত্যাৱশ্যকীয় সামগ্রী বিতৰণৰ সময় নিশা ১০ বজালৈকে থাকিব বুলি প্ৰশাসনে জানিবলৈ দিয়ে। 

আনহাতে চহৰখনৰ সকলো কাৰ্যালয় (কেন্দ্ৰীয়, ৰাজ্যিক, ব্যক্তিগত, বেংক, ডাকঘৰ ইত্যাদি) আবেলি ৪:৩০ বজাৰ ভিতৰত বন্ধ কৰাৰ লগতে প্ৰত্যেক শনিবাৰে কাৰ্যালয়সমূহ বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰে। মেঘালয় চৰকাৰে লগতে জনাই যে ক'ভিডৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সমাধি বা অন্ত্যেষ্টিক্ৰিয়া পিছদিনা দুপৰীয়া ২ বজাৰ ভিতৰত সম্পন্ন কৰাৰ নিৰ্দেশনা জাৰি কৰে।

শ্বিলং তথা পূৱ খাছী পাহাৰ জিলাত লকডাউন ঘোষণা


Published on May 5, 2021|News Source : বিজয় শংকৰ বৰা

গুৱাহাটী, ৫ মেঃ ক'ভিড ৰোগীৰে শ্বিলংত  ৬০ শতাংশতকৈ অধিক হস্পিতালৰ বিচনা ভৰি পৰাৰ পৰিপ্ৰেক্ষিতত, মেঘালয় চৰকাৰে আজি শ্বিলংৰ লগতে গোটেই পূৱ খাছী পাহাৰ জিলাত আজি ৰাতি ৮ বজাৰ পৰা বলবৎ হোৱাকৈ পাঁচ দিনৰ বাবে  লকডাউন ঘোষণা কৰিছে।


এই কথা ঘোষণা কৰি মেঘালয়ৰ মুখ্যমন্ত্ৰী ক'নৰাড চাংমাই কয় যে এই লকডাউন ১০ মে লৈ প্ৰযোজ্য  হৈ থাকিব।
মেঘালয়ৰ বাকী সকলো জিলাত weekend lockdown মানি চলিব লাগিব।


ইতিমধ্যে অনুমতি প্ৰাপ্ত বিবাহ অনুষ্ঠানত ৫০ জনতৈ অধিক অতিথি গোট খাব নোৱাৰিব I মৃতকৰ সৎকাৰ কৰিবলৈ ২০ জনকৈ অধিক লোক যাব নোৱাৰিব।
অান্তঃৰাজ্যিক  আৰু আন্তঃজিলা যাতায়ত বন্ধ থাকিব।

পূৱ খাছী পাহাৰ জিলাৰ সকলো ডাঙৰ বজাৰ বন্ধ থাকিব। অত্যাৱশ্যকীয় সামগ্ৰী সমূহ চুবুৰীয়া দোকান সমূহৰ পৰা কিনিব লাগিব।

Cartoon
View Older

 

June 15, 2021


Entertainment
View Older


From Our Archive

Create Account