Choose Language

  • All  
  • English
  • অসমীয়া

টোলগেটত অক্সিজেন কঢ়িওৱা গাড়ীৰ ৰেহাই দিয়া হ'ল মাচুল


Published on May 9, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

বতাহতো বিয়পে কৰ’না


Published on May 9, 2021|News Source : জনমভূমি

নতুন দিল্লী, ৮ মে’ ঃ কৰ’না ভাইৰাছৰ সংক্রমণক বিশ্ব পর্যায়ৰ মহামাৰী ৰূপে ঘোষণা কৰাৰ এবছৰৰ পাছত বিশ্ব স্বাস্থ্য সংগঠনে এই কথা স্বীকাৰ কৰিলে যে এই ভাইৰাছ বতাহৰ জৰিয়তেও বিয়পিব পাৰে৷ বিশ্ব স্বাস্থ্য সংগঠনে কয়, ‘মানুহ দীঘলীয়া সময় থকা বতাহৰ চলাচল সুচল নোহোৱা স্থান বা ভিৰ হোৱা বন্ধ স্থানত ভাইৰাছ বতাহতো বিয়পিব পাৰে,

কিয়নো এৰ’ছ’ল বতাহত এক মিটাৰতকৈ অধিক দূৰলৈ যাব পাৰে৷ উল্লেখযোগ্য যে ইয়াৰ আগলৈকে বিশ্ব স্বাস্থ্য সংগঠনে এই বুলি কৈ আহিছিল যে কৰ’না ভাইৰাছ বতাহত বিয়পাৰ পর্যাপ্ত প্রমাণ তেওঁলোকে পোৱা নাছিল৷ কৰ’নাৰ দ্রুত গতিত হোৱা সংক্রমণৰ ইও এক কাৰণ বুলি কোৱা হৈছে৷ উল্লেখযোগ্য যে কৰ’নাৰ সংক্রমণ কেনেকৈ হয় তাক লৈ বিজ্ঞানীসকলৰ মাজত বিতর্ক চলি আছে৷

বিজ্ঞানীসকলৰ মাজত এৰ’ছ’ল আৰু ড্রপলেটক লৈ মত পার্থক্য আছে৷  একাংশ বিজ্ঞানীৰ মতে, মানুহে কাহ বা হাচি মৰা, কথা কোৱা বা গান আদি গোৱাৰ সময়ত মুখৰ পৰা ওলোৱা ড্রপলেটৰ আকাৰ ৫ মাইক্র’মিটাৰৰ অধিক হয় আৰু তাত কৰ’না ভাইৰাছ থাকিলে নিজৰ ওজনৰ বাবে দুই মিটাৰতকৈ অধিক দূৰলৈ যাব নোৱাৰে আৰু মাধ্যাকর্ষণ শক্তিৰ বাবে তললৈ পৰি যায়৷ আন একাংশ বিজ্ঞানীৰ মতে, মুখ আৰু নাকৰ পৰা ওলোৱা ক্ষুদ্র কণাৰ (ড্রপলেট) আকাৰ ৫ মাইক্র’মিটাৰতকৈ কম হ’ব পাৰে আৰু তেনে অৱস্থাত ই বতাহত বহু দূৰলৈ যাব পাৰে৷ আন কথাত কৰ’না ভাইৰাছ বহু দূৰলৈকে বতাহত যাব পাৰে আৰু সংক্রমণ বৃদ্ধি কৰিব পাৰে৷ উল্লেখযোগ্য যে যোৱা মাহত বিজ্ঞানীসকলে চিকিৎসা বিজ্ঞানৰ প্রখ্যাত বার্লোচনী লেনচেটত তথ্যসহকাৰে প্রমাণ কৰে যে কৰ’না ভাইৰাছ বায়ুৰ জৰিয়তেও বিয়পিব পাৰে৷

বিজ্ঞানীসকলে কৰা দাবী অনুসৰি গৱেষণাগাৰত কৰ’না ভাইৰাছ তিনি ঘণ্টালৈকে বায়ুত উপঙি থকা দেখা পোৱা গৈছিল৷ আমেৰিকাৰ মেচাচুচেট৲ছ ইনষ্টিটিউট অব৲ টেকন’লজীৰ বিজ্ঞানীয়ে কৰা অধ্যয়নৰ পৰা এই বুলি দাবী কৰে যে ছয় ফুটৰ সামাজিক দূৰত্বৰ অর্থহীন৷ হাচি বা কাহ মৰাৰ সময়ত মুখৰ পৰা ওলোৱা কণাবোৰ ইমানেই সৰু যে সি এৰ’ছ’লৰ ৰূপ লয়গৈ৷ বিশেষকৈ বন্ধ স্থানত ই কৰ’নাৰ দ্রুত সংক্রমণ কৰিব পাৰে৷ বিজ্ঞানীসকলৰ মতে, কৰ’না মুকলি স্থানতকৈ বন্ধ স্থানত অধিক দ্রুত গতিত বিয়পে৷ কোঠাৰ খিৰিকী-দুৱাৰ খোলা ৰাখিলে কৰ’না বিয়পা তথা সংক্রমণ হোৱাৰ হাৰ হ্রাস পায়৷ আন কথাত কৰ’না বতাহৰ জৰিয়তে বিয়পে৷

 

কভিডত মৃতকৰ বাবে অন্তিম সংস্কাৰৰ স্থান বৃদ্ধি


Published on May 9, 2021|News Source : জনমভূমি নিউজ ডেস্ক, গুৱাহাটী

প্ৰতিনিধিত্বমূলক ফটো

গুৱাহাটী, ৯ মে’- কামৰূপ মহানগৰ জিলাত কভিডত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পোৱাত জিলা প্ৰশাসনে মৃতকৰ শেষকৃত্যৰ বাবে নতুন চাৰিখন শ্মশান আৰু তিনিখন কবৰস্থান সাজু কৰি তুলিছে। উলুবাৰীৰ বৈদ্যুতিক শ্মশানৰ লগতে বশিষ্ঠ, পাঞ্জাবাৰীৰ বতাহঘূলি আৰু জালুকবাৰী শ্মশানতো শেষকৃত্য সম্পন্ন কৰা হ'ব বুলি জনায়।

Cartoon
View Older

 

September 26, 2022




From Our Archive

Create Account