গুৱাহাটী, ১০ মে': স্বাধীনতা সংগ্ৰামী আৰু ভাৰতীয় জাতীয় সেনাৰ (আইএনএ) অভিজ্ঞ নেতা লালতি ৰামৰ ১০০ বছৰ বয়সত দেহাৱসান হয়। ১০০ বছৰ বয়সৰ স্বাধীনতা সংগ্ৰামী নেতা লালতি ৰামৰ জন্মস্থান হাৰিয়ানাৰ ঝাজৰ জিলাৰ ডুবালধানত সম্পূর্ণ ৰাজ্যিক মৰ্য্যাদাৰে প্ৰশাসনৰ বিষয়াসকলে নেতাজনক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। স্বাধীনতা সংগ্ৰামীগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট যোগে কয়, "আইএনএৰ প্ৰবীণ নেতা লালতি ৰামৰ মৃত্যুত দুঃখিত। ভাৰতৰ স্বাধীনতা সংগ্ৰামত লালতি ৰামৰ সাহস আৰু অৱদান কেতিয়াও পাহৰিব পৰা নাযাব।"
প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ আৰু বিজেপিৰ ৰাজ্যিক সভাপতি অ' পি ধনকাৰেও লালতি ৰামৰ মৃত্যুত শোক প্ৰকাশ কৰে।
২০১৯ চনত, স্বাধীনতা সংগ্ৰামী সুভাষ চন্দ্ৰ বসুৰ দ্বাৰা "আজাদ হিন্দ চৰকাৰ" ঘোষণাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে আয়োজিত এক অনুষ্ঠানত লালতি ৰামে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আইএনএৰ এটা টুপীৰে সম্বৰ্দ্ধনা জনাইছিল।
Comments