Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

ক'ভিডৰ কেন্দ্রবিন্দুত পৰিণত হৈছে কৰিমগঞ্জৰ 'জিলা কাৰাগাৰ'    


Published on May 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

আজি মুখ্যমন্ত্রীৰ নাম চূড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা


Published on May 8, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৮ মে: ৰাজ্যৰ ক'ভিড পৰিস্থিতিৰ মাজতে ৰাজনৈতিক মহলত ব্যাপক উংসুকতা দেখিবলৈ পোৱা গৈছে। বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে অসমত একক সংখ্যাগৰিষ্ঠতাৰে জয়ী হোৱাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত মুখ্যমন্ত্রী পদৰ প্ৰাৰ্থীৰ বাবে দলীয় বিধায়কসকলৰ মাজত ব্যাপক উৎকন্ঠা দেখিবলৈ পোৱা গৈছে। সেই উদ্দেশ্যে আজি পুৱাই সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই দিল্লীলৈ উৰা মাৰে। 

এক বিশেষ বিমান যোগে বৰঝাৰ বিমান বন্দৰৰ পৰা কেন্দ্রৰ সৈতে আলোচনাত মিলিত হ'বলৈ দুয়োগৰাকী  নেতাই পুৱাই দিল্লীলৈ উৰা মাৰিছে। হিমন্ত বিশ্ব শৰ্মাৰ সৈত সংগ দিয়ে নবনির্বাচিত বিধায়ক তৰংগ গগৈয়ে আনহাতে সৰ্বানন্দ সোণোৱালৰ সৈতে যাত্ৰাকালত বিধায়ক বিমল বৰাই সংগ দিয়ে। উল্লেখ্য যে বিগত কেইবাদিন ধৰি দুয়োগৰাকী নেতাৰ নাম ব্যাপক চৰ্চাত থকাৰ লগতে আজি কেন্দ্রই মুখ্যমন্ত্রীৰ দাবীদাৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত হোৱাক লৈ ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত ব্যাপক উৎসুকতাৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।
 

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account