Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

আটাইতকৈ ব্যয়বহুল ঔষধৰ প্ৰয়োজন হোৱা মুম্বাইৰ শিশুটি


Published on May 8, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

মিজোৰামত অনিয়ন্ত্রিত আফ্ৰিকান ছোৱাইন জ্বৰ 


Published on May 8, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৮ মে: মিজোৰামত বিগত এমাহত ১,৭০০ তকৈও অধিক গাহৰি আফ্ৰিকান ছোৱাইন জ্বৰত মৃত্যু হৈছে। পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যুটীয়া সঞ্চালক (পশুধন স্বাস্থ্য) ড০ লালহ মিংথাংগাই উক্ত বিষয় সন্দৰ্ভত জনায় যে, আফ্ৰিকান ছোৱাইন জ্বৰৰ সংক্ৰমণ হোৱা কেন্দ্রস্থলত বিগত কেইসপ্তাহমানৰ পৰা মৃত্যুৰ সংখ্যা হ্ৰাস পোৱা দেখা গৈছে। বৰ্তমান ছোৱাইন জ্বৰৰ সংক্ৰমণ আন ঠাইলৈ বিস্তাৰিত হৈছে। 

বিগত ২১ মাৰ্চৰ পৰা লুংচেন গাঁৱত ছোৱাইন ফ্লুত কমেও ১,৭২৮ টা গাহৰিৰ মৃত্যু হৈছে। উক্ত গাহৰিকেইটাৰ মৃত্যুৰ ফলত ৰাজ্যখনত ৬.৯১ কোটি টকাৰ বিত্তীয় লোকচান হোৱা বুলি অনুমান কৰা হৈছে। বিগত দুদিনত ছোৱাইন জ্বৰৰ ফলত ২১ টা গাহৰিৰ মৃত্যু হয়। বৰ্তমান গাহৰি জ্বৰে আইজল, লুংলেই, চাৰ্চিপ, লংটলাই আৰু মামিত জিলালৈ সংক্ৰমিত হোৱা পৰিলক্ষিত হৈছে।

ছোৱাইন জ্বৰ প্ৰভাৱিত অঞ্চলৰ বাহিৰত থকা ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত এতিয়ালৈকে কমেও ৮৬৬ টা গাহৰিৰ অস্বাভাৱিকভাৱে মৃত্যু হোৱাত সকলো শংকিত হৈছে। উক্ত গাহৰিকেইটাৰ মৃত্যুৰ কাৰণ এতিয়াও জানিবলৈ পৰা নাই বুলি পশুধন স্বাস্থ্য বিষয়াজনে জনায়। বৰ্তমান ৰাজ্যখনৰ ছোৱাইন জ্বৰৰ সংক্ৰমণ চুবুৰীয়া দেশ বাংলাদেশ আৰু ম্যানমাৰৰ পৰা অহা গাহৰিৰ আমদানিৰ ফলত হোৱা বুলি পশুধন স্বাস্থ্য বিভাগৰ বিষয়াসকলে অনুমান কৰিছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account