Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

উত্তৰ নোলাল:আজিও ঘোষণা নহয় অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম


Published on May 8, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত
Share This Page
Related Stories

কিছু সময়ৰ পিছতেই অনুষ্ঠিত হ'ব বহু আকাংক্ষিত গুৰুত্বপূৰ্ণ বৈঠকখন


Published on May 8, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ৮ মে':কিছু সময়ৰ পিছতেই অনুষ্ঠিত হ'ব অসমৰ মুখ্যমন্ত্ৰীৰ সন্দৰ্ভত বহু আকাংক্ষিত গুৰুত্বপূৰ্ণ বৈঠকখন।ইতিমধ্যে জে পি নাড্ডাৰ ঘৰত উপস্থিত হৈছেগৈ অমিত শ্বাহ।কিছু সময়ৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হব।

এই বৈঠকতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ সম্ভাৱনা আছে।দিল্লীৰ পৰা পোৱা এক বিশেষ খবৰ অনুসৰি কেন্দ্ৰীয় নেতৃত্বই হিমন্ত বিশ্ব শৰ্মাক বুজনি দিয়াৰ চেষ্টা চলাই আছে।ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ লগত এখন বিশেষ বৈঠক অনুষ্ঠিত হৈ গৈছে।

উল্লেখযোগ্য যে,বিজেপিৰ কেন্দ্ৰীয় শীৰ্ষ নেতৃত্বই অসমত দলটোক দীঘলীয়া সময়ৰ বাবে আগবঢ়াই নিয়াৰ স্বাৰ্থত এগৰাকী সৰ্বজনগ্ৰাহ্য নেতা নিৰ্বাচনৰ ওপৰত গুৰুত্ব দিয়া বুলি জানিব পৰা গৈছে।

দলটোৱে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পূৰ্বে দুয়োগৰাকী নেতাৰ সৈতে মুখামুখিকৈ বিষয়টো আলোচনা কৰাৰ উদ্দেশ্যেই এই বৈঠক অনুষ্ঠিত কৰাৰ তথ্য লাভ কৰা গৈছে।

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account