Cartoon
View Older
গুৱাহাটী,১১ মে': হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নাম নাই অগপ নেতা ফণীভূষণ চৌধুৰীৰ। বঙাইগাঁৱৰ পৰা একেৰাহে আঠবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মন্ত্ৰীত্ব নোপোৱাৰ বাবে ক্ষুণ্ণ হৈ পৰিছে তেওঁৰ অনুগামী সকল ।
ইয়াৰ মাজতে ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰীয়ে অগপৰ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে ৷
ইয়াৰ মাজতে ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়,"যোৱাবাৰো মোক দুই-আঢ়ৈ বছৰ পিছতহে মন্ত্ৰিত্ব প্ৰদান কৰিছে ৷ এইবাৰো একে ধৰণৰে কথা চিন্তা–চৰ্চা কৰা হৈছে ৷ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে ৷ মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা নাই ৷ ইফালে নিজ পুত্ৰই একাংশৰ উচতনিতহে নেতৃত্বৰ বিৰুদ্ধে এনে মন্তব্য কৰা বুলি চৌধুৰীয়ে মন্তব্য কৰে ।"
Comments
নতুন মন্ত্ৰীসভাৰ কোন মন্ত্ৰীৰ হাতত কোন দপ্তৰৰ দায়িত্ব? চাওক তালিকা
Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ তালিকা।কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও পৰৱৰ্তী সময়ত সাল-সলনি ঘটিব পাৰে।এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে তালিকা চূড়ান্ত কৰা নাই।
সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে গৃহ, বিত্ত, ৰাজনৈতিক পৰিক্ৰমাকে ধৰি বাকী আৱন্টন নকৰা বিভাগসমূহ নিজৰ হাতত ৰাখিব।
কোন মন্ত্ৰীয়ে কি দপ্তৰ পোৱাৰ সম্ভাৱনা?
১)ৰঞ্জিত দাস: জনস্বাস্থ্য কাৰিকৰী।
২)চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহন।
৩)পীযুষ হাজৰিকা: জলসম্পদ, সংসদীয় পৰিক্ৰমা, জনসংযোগ।
৪)অতুল বৰা: কৃষি, পশুপালন আৰু পূৰ্বৰ দপ্তৰসমূহ।
৫)অজন্তা নেওগ: সমাজ কল্যান, নগৰ উন্নয়ন।
৬)কেশৱ মহন্ত: স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি।
৭)ইউ জি ব্ৰহ্ম: ভৈয়াম জনজাতি উন্নয়ন।
৮)ডাঃ ৰণোজ পেগু: শিক্ষা।
৯)পৰিমল শুক্লবৈদ্য: বন, আৱকাৰী।
১০)অশোক সিংঘাল: গুৱাহাটী উন্নয়ন।
১১)বিমল বৰা: ক্ৰীড়া, খনি।
১২)সঞ্জয় কিষান: শ্ৰম, চাহ জনজাতি উন্নয়ন।
১৩)যোগেন মহন: এতিয়াও দপ্তৰ চূড়ান্ত হোৱা নাই।
(এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।)
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা
Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
আনহাতে এই সন্দৰ্ভত আজি কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়া অনুসৰি,সৰ্বানন্দ সোণোৱালক কি বিশেষ পদ মৰ্যাদা দিব আৰু ক’ত কেনেদৰে সংস্থাপিত কৰিব সেই সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় নেতৃত্বৰ লগত সৰ্বানন্দ সোণোৱালৰ এই সন্দৰ্ভত আলোচনা হৈছে।সোণোৱালক ক’ত সংস্থাপিত কৰা হ’ব সেয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সম্পূৰ্ণ জ্ঞাত।