Choose Language

  • All  
  • English
  • অসমীয়া
0
0
6535

দমে দমে ওপঙি আছে গঙ্গাত মৃতদেহ,বিহাৰত তীব্ৰ উত্তেজনা


Published on May 11, 2021 | News Source: ৰাহুল ডেকা
Share This Page
Related Stories

নতুন মন্ত্ৰীসভাৰ কোন মন্ত্ৰীৰ হাতত কোন দপ্তৰৰ দায়িত্ব? চাওক তালিকা


Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ১১ মে':ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে শপত গ্ৰহণ কৰাৰ উপৰি আন ১৩জন মন্ত্ৰীয়েও শপত লয়।নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা মন্ত্ৰীসকলৰ কোনে কি দপ্তৰ লাভ কৰিব তাৰ এখন প্ৰায় চূড়ান্ত তালিকা আহি পৰিছে।

ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ তালিকা।কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও পৰৱৰ্তী সময়ত সাল-সলনি ঘটিব পাৰে।এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে তালিকা চূড়ান্ত কৰা নাই।

সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে গৃহ, বিত্ত, ৰাজনৈতিক পৰিক্ৰমাকে ধৰি বাকী আৱন্টন নকৰা বিভাগসমূহ নিজৰ হাতত ৰাখিব।

 

কোন মন্ত্ৰীয়ে কি দপ্তৰ পোৱাৰ সম্ভাৱনা?

১)ৰঞ্জিত দাস: জনস্বাস্থ্য কাৰিকৰী।

২)চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহন।

৩)পীযুষ হাজৰিকা: জলসম্পদ, সংসদীয় পৰিক্ৰমা, জনসংযোগ।

৪)অতুল বৰা: কৃষি, পশুপালন আৰু পূৰ্বৰ দপ্তৰসমূহ।

৫)অজন্তা নেওগ: সমাজ কল্যান, নগৰ উন্নয়ন।

 

৬)কেশৱ মহন্ত: স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি।

৭)ইউ জি ব্ৰহ্ম: ভৈয়াম জনজাতি উন্নয়ন।

৮)ডাঃ ৰণোজ পেগু: শিক্ষা।

৯)পৰিমল শুক্লবৈদ্য: বন, আৱকাৰী।

১০)অশোক সিংঘাল: গুৱাহাটী উন্নয়ন।

 

১১)বিমল বৰা: ক্ৰীড়া, খনি।

১২)সঞ্জয় কিষান: শ্ৰম, চাহ জনজাতি উন্নয়ন।

১৩)যোগেন মহন: এতিয়াও দপ্তৰ চূড়ান্ত হোৱা নাই।

 

(এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।)

প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা


Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ১১ মে':মুখ্যমন্ত্ৰী পদ ত্যাগ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা।ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ পদমৰ্যাদাক লৈ কেন্দ্ৰীয় নেতৃত্বই আলোচনা সম্পন্ন কৰিছে।

আনহাতে এই সন্দৰ্ভত আজি কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়া অনুসৰি,সৰ্বানন্দ সোণোৱালক কি বিশেষ পদ মৰ্যাদা দিব আৰু ক’ত কেনেদৰে সংস্থাপিত কৰিব সেই সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় নেতৃত্বৰ লগত সৰ্বানন্দ সোণোৱালৰ এই সন্দৰ্ভত আলোচনা হৈছে।সোণোৱালক ক’ত সংস্থাপিত কৰা হ’ব সেয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সম্পূৰ্ণ জ্ঞাত।

Cartoon
View Older

 

December 2, 2021


Entertainment
View Older


From Our Archive

Create Account