গুৱাহাটী,১১ মে': নৱ নিযুক্ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গঠন হ'ল নতুন মন্ত্ৰীসভা।
পিছে এই কেবিনেটত স্থান নাপালে পূৰ্বৰ কিছুমান প্ৰভাৱশালী মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতাই। শপত গ্ৰহণৰ পিছৰ পৰায়ে এইসকল নেতাৰ মাজত দেখা গৈছে তীব্ৰ অসন্তুষ্টি।
ইতিমধ্যে মন্ত্ৰীত্ব নাপাই শপতগ্ৰহণ ‘বৰ্জন’ কৰিছিল পূৰ্বৰ মন্ত্ৰী তথা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত নাথাকিল বিজেপিৰ জ্যেষ্ঠ নেতা প্ৰশান্ত ফুকনো।
মন্ত্ৰীত্ব নোপোৱাৰ ক্ষোভতেই বিধায়কদ্বয়ে বৰ্জন কৰিলে বিজেপি মিত্ৰজোঁটৰ দ্বিতীয়খন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান। তদুপৰি বহু চৰ্চিত পদ্ম হাজৰিকাৰ নামো নাহিল মন্ত্ৰীত্বৰ তালিকাত। প্ৰশান্ত ফুকন চতুৰ্থ বাৰলৈ আৰু পদ্ম হাজৰিকা পঞ্চম বাৰলৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল। পূৰ্বৰ মন্ত্ৰীসভাতো স্থান নোপোৱাত অসন্তুষ্ট হৈ আছিল ডিব্ৰুগড়ৰ বিধায়কগৰাকী। মন্ত্ৰীত্বৰ পৰা বঞ্চিত হ’ল আন এগৰাকী জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্তও।
প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ পূৰ্বৰ সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষেত্ৰতো একেই ঘটনা ঘটিল। ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত স্থান নাপালে সিদ্ধাৰ্থ ভট্টাচাৰ্যয়ো। শৰ্মাৰ মন্ত্ৰীসভাত স্থান হেৰুওৱাৰ তালিকাত ভৱেশ কলিতাৰ নামো সন্নিৱিষ্ট হৈছে। ইফালে, মন্ত্ৰীসভাত স্থান নাপালে বিশ্বজিৎ দৈমাৰীয়েও। বিপিএফৰ প্ৰাক্তন নেতাগৰাকীয়ে সাংসদ পদ এৰি বিজেপিত যোগ দিছিল ।
Comments
নতুন মন্ত্ৰীসভাৰ কোন মন্ত্ৰীৰ হাতত কোন দপ্তৰৰ দায়িত্ব? চাওক তালিকা
Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
ইতিমধ্যে দিল্লীলৈ প্ৰেৰণ মন্ত্ৰীৰ দপ্তৰ বিতৰণৰ তালিকা।কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও পৰৱৰ্তী সময়ত সাল-সলনি ঘটিব পাৰে।এতিয়ালৈকে মুখ্যমন্ত্ৰীয়ে তালিকা চূড়ান্ত কৰা নাই।
সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰীয়ে গৃহ, বিত্ত, ৰাজনৈতিক পৰিক্ৰমাকে ধৰি বাকী আৱন্টন নকৰা বিভাগসমূহ নিজৰ হাতত ৰাখিব।
কোন মন্ত্ৰীয়ে কি দপ্তৰ পোৱাৰ সম্ভাৱনা?
১)ৰঞ্জিত দাস: জনস্বাস্থ্য কাৰিকৰী।
২)চন্দ্ৰমোহন পাটোৱাৰী: পৰিবহন।
৩)পীযুষ হাজৰিকা: জলসম্পদ, সংসদীয় পৰিক্ৰমা, জনসংযোগ।
৪)অতুল বৰা: কৃষি, পশুপালন আৰু পূৰ্বৰ দপ্তৰসমূহ।
৫)অজন্তা নেওগ: সমাজ কল্যান, নগৰ উন্নয়ন।
৬)কেশৱ মহন্ত: স্বাস্থ্য, বিজ্ঞান আৰু প্ৰযুক্তি।
৭)ইউ জি ব্ৰহ্ম: ভৈয়াম জনজাতি উন্নয়ন।
৮)ডাঃ ৰণোজ পেগু: শিক্ষা।
৯)পৰিমল শুক্লবৈদ্য: বন, আৱকাৰী।
১০)অশোক সিংঘাল: গুৱাহাটী উন্নয়ন।
১১)বিমল বৰা: ক্ৰীড়া, খনি।
১২)সঞ্জয় কিষান: শ্ৰম, চাহ জনজাতি উন্নয়ন।
১৩)যোগেন মহন: এতিয়াও দপ্তৰ চূড়ান্ত হোৱা নাই।
(এইখনেই চূড়ান্ত তালিকা হ’ব পাৰে যদিও কেন্দ্ৰৰ অনুমোদনৰ পাছতহে চূড়ান্ত হ'ব তালিকা।)
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা
Published on May 11, 2021|News Source : প্ৰণৱজ্যোতি দত্ত
আনহাতে এই সন্দৰ্ভত আজি কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়া অনুসৰি,সৰ্বানন্দ সোণোৱালক কি বিশেষ পদ মৰ্যাদা দিব আৰু ক’ত কেনেদৰে সংস্থাপিত কৰিব সেই সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় নেতৃত্বৰ লগত সৰ্বানন্দ সোণোৱালৰ এই সন্দৰ্ভত আলোচনা হৈছে।সোণোৱালক ক’ত সংস্থাপিত কৰা হ’ব সেয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সম্পূৰ্ণ জ্ঞাত।