Classifieds
View All
গুৱাহাটী, ১১ মে': ইজৰাইলৰ বিমান আক্ৰমণত ৯ টা শিশুসহ কমেও ২০ জন নিৰীহ লোকে প্ৰাণ হেৰুৱাব লগা হয়। পেলেষ্টিনিয়ান আৰু ইজৰাইল বাহিনীৰ মাজত বিগত কেইবামাহ ধৰি অব্যাহত থকা যুঁজৰ পৰিণাম স্বৰূপে বিমানেৰে আক্ৰমণ কৰা হৈছে বুলি সামৰিক বাহিনীয়ে জানিবলৈ দিয়ে। ইজৰাইলী সামৰিক বাহিনীয়ে লগতে জনায় যে পেলেষ্টিনিয়ান উগ্ৰপন্থী গোটবোৰে জেৰুজালেমত প্ৰতিশোধ স্বৰূপে বিমানেৰে ৰকেট নিক্ষেপ কৰে।
ইছলাম ধৰ্মৰ পবিত্র ৰমজান মাহ চলি থকাৰ মাজতে পূৱ জেৰুজালেমত পেলেষ্টিনিয়ান উগ্ৰপন্থী আৰু ইজৰাইলী সেনাৰ মাজত সংঘৰ্ষ হোৱা দেখা গৈছে।ইজৰাইলত বসবাস কৰা স্থানীয় লোকসকলৰ লগতে শ্বেখ জাৰাহত বহুতো পেলেষ্টিনিয়ান পৰিয়ালক বাসগৃহৰ পৰা উচ্ছেদ কৰা হ'ব নে নাই সেই সন্দৰ্ভত দীৰ্ঘদিন ধৰি চলি থকা আইনী গোচৰৰ শুনানি ১০ মে'ত ইজৰাইলৰ উচ্চতম ন্যায়ালয়ত হ'ব বুলি নিৰ্ধাৰণ কৰা হৈছিল।
Comments