গুৱাহাটী,১২ মে': বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি আৰু নাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱে পুৱা ৬ বাজি ৫৮ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।
বিশিষ্ট সাহিত্যিকজনে অলপতে ক'ভিড-১৯ত আক্ৰান্ত হৈছিল যদিও তাৰ পৰা সুস্থ হৈ উঠিছিল ।
অসমৰ সাহিত্য আৰু বৌদ্ধিক জগতৰ সিংহপুৰুষ বৰগোহাঞিদেৱে মৃত্যুৰ পৰলৈকে অসমৰ দৈনিক বাতৰিকাকত 'নিয়মীয়া বাৰ্তা'ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।
১৯৩২ চনৰ ৭ ডিচেম্বৰত লখিমপুৰ জিলাৰ ঢকুৱাখনাত বৰগোহাঞি দেৱৰ জন্ম হৈছিল। স্কুলীয়া শিক্ষাৰ পিছত বৰগোহাঞিদেৱে কটন কলেজত নামভৰ্তি কৰে আৰু তাৰ পৰাই স্নাতক ডিগ্ৰী লাভ কৰে।
সাংবাদিকতাৰ কৰ্মজীৱন আৰম্ভ কৰাৰ আগতে, বিশিষ্ট ঔপন্যাসিক তথা জনপ্ৰিয় প্ৰবন্ধকাৰজনে কিছু সময়ৰ বাবে অসম অসামৰিক সেৱাৰ এজন প্ৰশাসনিক বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
বৰগোহাঞিদেৱে প্ৰথমে অসমৰ এখন সাপ্তাহিক বাতৰি কাকত নীলাচল সম্পাদনা কৰিছিল আৰু পিছত তেওঁ সাপ্তাহিক নাগৰিক সম্পাদনা কৰিছিল। তেওঁ বঙালী দৈনিক বাতৰি কাকত আজকালৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংবাদদাতা হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰগোহাঞিদেৱে অসমৰ দুখন আগশাৰীৰ বাতৰি কাকত অসম বানী আৰু আমাৰ অসমৰো সম্পাদক আছিল।
পিতা পুত্ৰ উপন্যাসৰ বাবে তেওঁক ১৯৭৮ চনত সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হৈছিল ।
তেওঁৰ অন্যান্য উল্লেখযোগ্য সাহিত্যকৰ্মসমূহৰ ভিতৰত আছে - সাউদৰ পুতেকে নাও মেলি যায়, ধুমুহা আৰু ৰামধেনু,আত্মানুসন্ধান ইত্যাদি।
Comments
বিশিষ্ট সাহিত্যিক, সাংবাদিক, হোমেন বৰগোহাঞিৰ দেহাৱসান
Published on May 12, 2021|News Source : অৰূপ ডেকা, ফটো: ৰেব কুমাৰ বৰা
গুৱাহাটী, ১২মে': ৰাজ্যৰ বিশিষ্ট সাহিত্যক, সাংবাদিক, কবি, গল্পকাৰ, সমোলোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬.৫৮ মিনিটত গুৱাহাটীৰ জি এন আৰ চি হাস্পিতালত শেষ নিঃশ্বাস ত্যাগ কৰে।
বিশিষ্ট কথা সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।
Published on January 1, 1970|News Source :
Published on January 1, 1970|News Source :