Cartoon
View Older
গুৱাহাটী,১২ মে': বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি আৰু নাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱে পুৱা ৬ বাজি ৫৮ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ এনে অকাল বিয়োগত শোক প্ৰকাশ কৰে ৰাজ্যবাসীয়ে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত শোক প্ৰকাশ কৰি কয়,"অসমীয়া জাতিয়ে আজি এগৰাকী অভিভাৱক হেৰুৱালে ৷ অসমৰ বৌদ্ধিক আকাশৰ উজ্জ্বলতম জ্যোতিষ্ক, অনন্য সৃষ্টিৰাজিৰে অসমৰ সাহিত্যৰ জগতক সমৃদ্ধ কৰা যশস্বী সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছো ৷ তেখেতৰ বিয়োগে আমাৰ মাজত এক বৃহৎ শূণ্যতাৰ সৃষ্টি কৰিলে ৷"
Comments
বিশিষ্ট সাহিত্যিক, সাংবাদিক, হোমেন বৰগোহাঞিৰ দেহাৱসান
Published on May 12, 2021|News Source : অৰূপ ডেকা, ফটো: ৰেব কুমাৰ বৰা
গুৱাহাটী, ১২মে': ৰাজ্যৰ বিশিষ্ট সাহিত্যক, সাংবাদিক, কবি, গল্পকাৰ, সমোলোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬.৫৮ মিনিটত গুৱাহাটীৰ জি এন আৰ চি হাস্পিতালত শেষ নিঃশ্বাস ত্যাগ কৰে।
বিশিষ্ট কথা সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।
Published on January 1, 1970|News Source :
Published on January 1, 1970|News Source :