Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

ভাৰতক ক'ভিড-১৯ৰ তৃতীয় ঢৌৰ পৰা একমাত্র টিকাকৰণেহে বচাব পাৰিব : ডাঃ ফাউচি


Published on May 10, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

৬ মহীয়া শিশুৰ পিতৃ-মাতৃ ক'ভিড-১৯ পজিটিভ: আৰক্ষীয়ে ল'লে সন্তানৰ দায়িত্ব


Published on May 10, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১০ মে': মহামাৰী ক'ভিড-১৯ৰ ফলত দেশৰ পৰিস্থিতি দিনক দিনে বিপৰ্যয়ৰ দিশে গতি কৰিছে।তেনে পৰিপ্ৰেক্ষিতত মাতৃ দিৱসৰ দিনাই এক হৃদয়স্পর্শী ঘটনা দিল্লীত সংঘটিত হয়। দিল্লীত এটি ৬মহীয়া সন্তানৰ পিতৃ-মাতৃ ক'ৰনা ভাইৰাছত সংক্ৰমিত হোৱাৰ ফলত দিল্লী আৰক্ষীৰ মুখ্য কনিষ্টবল এজনে শিশুটিৰ যত্ন লোৱাৰ আগ্ৰহ কৰে। দিল্লীত প্ৰতিদিনে বৃদ্ধি পোৱা হাজাৰতকৈ অধিক সংক্ৰমণৰ ঘটনাই সকলোকে উদ্বিগ্নতাত পেলোৱাৰ সময়ত ৬ মহীয়া সন্তানটিৰ পিতৃ-মাতৃহাল ক'ভিড পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হোৱাত নিজ সন্তানটিৰ লালন-পালনৰ প্ৰতি চিন্তিত হৈ পৰে। 

জিটিবি নগৰৰ ৰেডিঅ' কলনীত বাস কৰা পিতৃ-মাতৃ দুয়োগৰাকী ক'ভিড-পজিটিভ হোৱা স্বত্বেও ৬ মহীয়া কেঁচুৱাটোৰ সুস্বাস্থ্যৰ বিষয়ে বেছিকৈ চিন্তিত হৈছিল। কিয়নো দিল্লী আৰু উত্তৰ প্ৰদেশ দুয়োখন ৰাজ্য লকডাউনৰ কৱলত থকা পৰিপ্ৰেক্ষিতত উত্তৰ প্ৰদেশৰ বিভিন্ন প্ৰান্তত বাস কৰা পিতৃ-মাতৃহালৰ আত্মীয়সকলে শিশুটোৰ যত্ন ল'ব নোৱাৰাত মিৰাটত বাস কৰা এজন আত্মীয়ই ডিচিপি শ্বাহদাৰা কাৰ্যালয়ত নিযুক্তিত থকা এইচচি ৰাখীৰ পৰা সহায় বিচাৰে। পৰৱৰ্তী সময়ত এইচচি ৰাখীয়ে বিভাগীয় জ্যেষ্ঠ বিষয়াসকলক উক্ত ঘটনা সন্দৰ্ভত অৱগত কৰায় আৰু বিষয়াসকলৰ অনুমোদনৰ পিছত ততাতৈয়াকৈ ডিচিপি গৰাকীয়ে ৬ মহীয়া সন্তানটিৰ অভিভাৱকৰ সৈতেও যোগাযোগ কৰে আৰু নিশ্চিতকৰণৰ পিছত, কোনো সময় নষ্ট নকৰাকৈ উত্তৰ-পশ্চিম দিল্লীৰ জিটিবি নগৰত পিতৃ-মাতৃৰ বাসস্থানত উপস্থিত হয়। 

বাসগৃহত প্ৰৱেশ কৰি ৰাখীয়ে ৬ মহীয়া সন্তান সহ জৰুৰী সামগ্ৰীসমূহ জিম্মাত লয় আনহাতে শিশুটিৰ আন্তৰিকতাৰে যত্ন লয়। পৰৱৰ্তী পৰ্যায়ত পিতৃ-মাতৃয়ে প্ৰদান কৰা কেঁচুৱাখাদ্যৰ পৰিপূৰকৰ সৈতে শিশুটিক সুৰক্ষিতভাৱে উত্তৰ প্ৰদেশৰ মোডীনগৰত বাস কৰা আইতাকৰ হাতত গতাই দিয়ে।

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account