Cartoon
View Older
গুৱাহাটী, ১০ মে': ৰাজ্যৰ সামগ্রিক ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৪ মে' ৰ পৰা অনুষ্ঠিত হ'ব লগা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা সমূহ বাতিল কৰাৰ লগতে দ্বিতীয় বৰ্ষলৈ পদোন্নতি দিয়া হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ তথ্যত কৰ্তৃপক্ষই উল্লেখ কৰে যে, "৪ মে' ২০২১ তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষা
২০২১ বাতিল কৰা হৈছে লগতে অনলাইন আৱেদন পূৰণ কৰা সকলো শিক্ষাৰ্থীক ২০২১-২২ উচ্চতৰ মাধ্যমিক দ্বিতীয় শিক্ষাবৰ্ষৰ পদোন্নতি দিয়া বুলি ঘোষণা কৰা হৈছে।" আনহাতে দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাসমূহ স্থগিতাদেশ দিয়া হৈছে। সদ্যহতে উক্ত পৰীক্ষাসমূহ অনুষ্ঠিত কৰাৰ কোনো পৰিকল্পনা তৈয়াৰ কৰা হোৱা নাই।
Comments