Cartoon
View Older
গুৱাহাটী, ১৩ মে': চিৰি-এ খেলত জুভেণ্টাছৰ হৈ ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে চাচুওলোৰ বিৰুদ্ধে হোৱা খেলত গ'ল প্ৰদান কৰি উক্ত দলটোৰ বিৰুদ্ধে দ্ৰুততম ১০০টা গ'ল কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। সুন্দৰ খেলখনৰ আধুনিক যুগৰ উচ্চসম্পন্ন খেলুৱৈ তথা 'গ'ল মেচিন' হিচাপে জনাজাত ক্ৰিষ্টিয়ানো ৰ'নাল্ডোৱে "মাপেই ষ্টেডিয়াম"ত 'মিন'ছ ইউএছ চাচুওলো কেলচিঅ'ৰ বিৰুদ্ধে জুভেণ্টাছৰ হৈ চিৰি-এ খেলত পুনৰাই ৰেকৰ্ড বুকত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়।
চিট্টা ডেল ত্ৰিক'ল'ৰেত চাচুওলোৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা খেলখনত ৩-১ গ'লত জয়লাভ কৰি ৰ'নাল্ডো দ্ৰুততম ১০০ টা গ'ল প্ৰদান কৰা খেলুৱৈ হিচাপে বিবেচিত হৈছে। জুভেণ্টাছৰ হৈ ৰ'নাল্ডোৰ ১০০ তম গ'লৰ ফলত ইতিহাসৰ পৃষ্ঠাত ৩ খন দেশৰ ৩ টা পৃথক ক্লাবত ৰাষ্ট্ৰীয় দলৰ হৈ ১০০ তম গ'ল কৰা প্ৰথমজন খেলুৱৈ হিচাপে পৰিগণিত হৈছে।
Comments