গুৱাহাটী,১২ মে': বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি আৰু নাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱে পুৱা ৬ বাজি ৫৮ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ এনে অকাল বিয়োগত শোক প্ৰকাশ কৰে ৰাজ্যবাসীয়ে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত শোক প্ৰকাশ কৰাৰ উপৰিও প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লৈছে অসম চৰকাৰে।
হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত মন্তব্য কৰে যে,"প্ৰয়াত হোমেন বৰগোহাঞিদেৱৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগুক দায়িত্ব দিয়া হৈছে ৷তেওঁ ইতিমধ্যে জিএনআৰচি হাস্পতালত উপস্থিত হৈছে ৷বৰগোহাঞিদেৱৰ বিদেহ আত্মাৰ চিৰশান্তি পুনৰ কামনা কৰিলোঁ৷ ঔম শান্তি!"
Comments
বিশিষ্ট সাহিত্যিক, সাংবাদিক, হোমেন বৰগোহাঞিৰ দেহাৱসান
Published on May 12, 2021|News Source : অৰূপ ডেকা, ফটো: ৰেব কুমাৰ বৰা
গুৱাহাটী, ১২মে': ৰাজ্যৰ বিশিষ্ট সাহিত্যক, সাংবাদিক, কবি, গল্পকাৰ, সমোলোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬.৫৮ মিনিটত গুৱাহাটীৰ জি এন আৰ চি হাস্পিতালত শেষ নিঃশ্বাস ত্যাগ কৰে।
বিশিষ্ট কথা সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।
Published on January 1, 1970|News Source :
Published on January 1, 1970|News Source :