গুৱাহাটী,১২ মে': বিশিষ্ট সাহিত্যিক তথা সাংবাদিক হোমেন বৰগোহাঞি আৰু নাই। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞিদেৱে পুৱা ৬ বাজি ৫৮ মিনিটত গুৱাহাটীৰ জিএনআৰচি হাস্পাতালত শেষ নিশ্বাস ত্যাগ কৰে।
তেখেতৰ এনে অকাল বিয়োগত শোক প্ৰকাশ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে।
সাংসদ পল্লব লোচন দাসে টুইটাৰত কয়,"বিশিষ্ট সাহিত্যিক, সাংবাদিক, কবি, গল্পকাৰ , সমালোচক হোমেন বৰগোহাঞি দেৱৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে তেখেতৰ পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰিলোঁ৷"
প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে শোক প্ৰকাশ কৰি কয়,"বিশিষ্ট সাহিত্যিক, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞিদেৱৰ বিয়োগত মৰ্মাহত হৈছোঁ। অসমৰ সাহিত্য, সাংবাদিকতা আৰু সমাজ জীৱনলৈ তেখেতে আগবঢ়োৱা অনবদ্য অৱদান সদায়েই স্মৰণীয় হৈ ৰ'ব। তেখেতৰ বিদেহ্ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল আৰু অগণন গুণমুগ্ধলৈ গভীৰ সমবেদনা জনাইছোঁ।"
কৃষি মন্ত্ৰী অতুল বৰাই কয়,"অসমীয়া সাহিত্য জগতৰ মহাযুগৰ নায়ক, যশস্বী সাহিত্যিক, কথাশিল্পী, সাংবাদিক, সমালোচক আৰু কবি হোমেন বৰগোহাঞিদেৱৰ দেহাৱসানত যথেষ্ট মৰ্মাহত হৈছোঁ৷ তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক,ভগৱানৰ ওচৰত এয়াই মোৰ প্ৰাৰ্থনা৷ হোমেন বৰগোহাঞিদেৱৰ পৰিয়ালবৰ্গ তথা তেখেতৰ গুণমুগ্ধক সমবেদনা জ্ঞাপন কৰিছোঁ।"
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তইও টুইটাৰ যোগে কয়,"আমাক অত্যন্ত মৰ্মাহত কৰি অসমৰ বৌদ্ধিক জগতৰ ভোটাতৰা, বৰেণ্য সাহিত্যিক শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰে ইহ সংসাৰৰ পৰা বিদায় মাগিলে।তেখেতৰ মৃত্যুৰ ফলত অসমীয়া সমাজ জীৱন উকা হৈ ৰব।তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে আৰু তেখেতৰ শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিলো।"
কংগ্ৰেছী সাংসদ প্ৰদ্যুত বৰদলৈয়ে কয়,"এজন সাহিত্যক আৰু এজন অটল যুক্তিবাদী ব্যক্তিৰ আজি ৰাতিপুৱা ক'ভিডৰ জটিলতাৰ সন্মুখীন হৈ মৃত্যু হয় । অসমৰ বাবে ই এক ডাঙৰ ক্ষতি।"
Comments
বিশিষ্ট সাহিত্যিক, সাংবাদিক, হোমেন বৰগোহাঞিৰ দেহাৱসান
Published on May 12, 2021|News Source : অৰূপ ডেকা, ফটো: ৰেব কুমাৰ বৰা
গুৱাহাটী, ১২মে': ৰাজ্যৰ বিশিষ্ট সাহিত্যক, সাংবাদিক, কবি, গল্পকাৰ, সমোলোচক হোমেন বৰগোহাঞিয়ে আজি পুৱা ৬.৫৮ মিনিটত গুৱাহাটীৰ জি এন আৰ চি হাস্পিতালত শেষ নিঃশ্বাস ত্যাগ কৰে।
বিশিষ্ট কথা সাহিত্যিক গৰাকীৰ মৃত্যুত সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে।
Published on January 1, 1970|News Source :
Published on January 1, 1970|News Source :