Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

২ পৰা ১৮ বছৰ বয়সৰ শিশু, কিশোৰে ল'ব পাৰিব ভেকচিন


Published on May 12, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

ক'ভিড-১৯ সহায়: টুইটাৰে ভাৰতক আগবঢ়ালে ১১০ কোটি টকাৰ আৰ্থিক অনুদান


Published on May 12, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১২মে': ভাৰতৰ মহামাৰী ক'ভিড-১৯ৰ ভয়াবহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ মাইক্ৰ'ব্লগিং ছ'চিয়েল মিডিয়া জায়ান্ট টুইটাৰে ৩টা বেচৰকাৰী সংস্থা কেয়াৰ, এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেচনেল আমেৰিকা যুক্তৰাষ্ট্ৰক ১১০ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াইছে। টুইটাৰৰ মুখ্য কাৰ্যবাহী বিষয়া জেক ডৰ্চে টুইট যোগে জনায় যে, "ভাৰতৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেয়াৰক ১০ নিযুত ডলাৰৰ লগতে এইড ইণ্ডিয়া আৰু সেৱা ইণ্টাৰনেচনেল আমেৰিকা যুক্তৰাষ্ট্ৰক ক্ৰমে ২.৫ নিযুত ডলাৰকৈ আৰ্থিক অনুদান আগবঢ়ায়। লগতে বিষয়া গৰাকীয়ে কয় যে, "টুইটাৰৰ এই অনুদানে সেৱা ইণ্টাৰনেচনেলৰ "ভাৰতক ক'ভিড-১৯ত সহায় কৰা" অভিযানৰ অংশ হিচাপে অক্সিজেন কনচেণ্ট্ৰেটৰ, ভেণ্টিলেটৰ, বিপিএপি (বাইলেভেল পজিটিভ এয়াৰৱে প্ৰেচাৰ) আৰু চিপিএপি যন্ত্ৰৰ দৰে জীৱন ৰক্ষাকাৰী সঁজুলি ক্ৰয়ত সহায় কৰিব।

হিউষ্টনৰ মুখ্য কাৰ্যালয় সেৱা আমেৰিকা যুক্তৰাষ্ট্ৰই ভাৰতৰ ক'ভিড-১৯ৰ সাহায্যৰ বাবে ১৭.৫ নিযুত আমেৰিকান ডলাৰ সংগ্ৰহ কৰিছে। আনহাতে, বিশ্বব্যাপী ক'ভিড আক্ৰান্ত দৰিদ্ৰলোকৰ সহায়ৰ বাবে আগশাৰীৰ মামৱ কল্যাণমূলক সংস্থা কেয়াৰৰ জৰুৰী পদক্ষেপক টুইটাৰে ১০ নিযুত ডলাৰ আগবঢ়াই ভাৰতৰ বিধ্বংসী ক'ভিড-১৯ দ্বিতীয় ঢৌৰ সৈতে যুঁজ দিয়াত সমৰ্থন কৰিব। উক্ত আৰ্থিক সমৰ্থনত ক'ভিড ৰোগীৰ অস্থায়ী সেৱা কেন্দ্র স্থাপনৰ লগতে আগশাৰীৰ স্বাস্থ্য কৰ্মীসকলৰ বাবে অক্সিজেন, পি.পি.ই. কিট আৰু অন্যান্য জৰুৰীকালীন চিকিৎসা সামগ্রী যোগান ধৰা হ'ব। উক্ত চিকিৎসা সামগ্রী সমূহৰ সহায়ত দৰিদ্ৰ লোকসকলৰ ক'ভিড পৰীক্ষাত সহায় আগবঢ়াব।

লগতে ক'ভিডৰ ঔষধ, অক্সিজেন, অক্সিমিটাৰ, থাৰ্মোমিটাৰ, সুৰক্ষা সঁজুলি আৰু টিকাকৰণকে ধৰি বহুটো চিকিৎসা ব্যৱস্থাৰ দ্বাৰা দৰিদ্ৰ সম্প্ৰদায়ৰ লোকসকল লাভান্বিত হ'ব বুলি টুইটাৰ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
 

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account