Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

ক'ভিড-১৯ আৰোগ্য ৰোগীৰ দেহত মিউকৰ্মাইক'চিছৰ ঘটনা বৃদ্ধি পাইছে: এইমছ সঞ্চালক


Published on May 15, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

দিল্লী চিকিৎসালয়ত ক'ভিড পৰা উৎপন্ন হৈছে "ক'লা ভেঁকুৰ"


Published on May 7, 2021|News Source : অৰূপ ডেকা


গুৱাহাটী, ৭ মে':  দিল্লীৰ আগশাৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ক'ভিডৰ মিউকৰ্মাইকচিছ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। "মিউকৰ্মাইকচিছ" হৈছে ক'ভিড-১৯ ৰ দ্বাৰা উৎপন্ন হোৱা ভেঁকুৰৰ সংক্ৰমণ। ক'লা ভেঁকুৰ বা শ্লেষ্মাক'চিছ দীৰ্ঘদিনৰ পৰা আইচিইউ আৰু ইমিউন'ডিঅ' চেপ্টিক ৰোগীৰ মৃত্যুৰ কাৰণ হৈ আহিছে। 'ছাৰ গংগা ৰাম চিকিৎসালয়'ৰ জ্যেষ্ঠ 'ইএনটি' বিভাগৰ শল্য চিকিৎসক ডাঃ মনীষ মুঞ্জালৰে কয়, "ক'ভিড-১৯ৰ দ্বাৰা উৎপন্ন হোৱা বিপদজনক মিউকৰ্মাইকচিছ ভেঁকুৰ বিধৰ সংক্ৰমণৰ ফলত ক'ৰনাৰ সংক্ৰমণ পুনৰ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

বিগত দুদিনত চিকিৎসালয় খনত মিউকৰ্মাইকচিছৰ ছয়টা ঘটনা পৰিলক্ষিত হৈছে। বিগত বৰ্ষত ক'ভিড ফলত উৎপন্ন হোৱা মাৰাত্মক ভেঁকুৰৰ সংক্ৰমণৰ ফলত বহুতো ৰোগীৰ দৃষ্টিশক্তি হেৰুওৱাৰ উপৰিও নাক আৰু কঁকালৰ হাড়ৰ ক্ষতি হোৱাৰ ফলত বহুটো ৰোগী মৃত্যুমুখত পৰিবলগীয়া হৈছিল বুলি চিকিংসক গৰাকীয়ে জানিবলৈ দিয়ে। 

চিকিৎসালয় খনৰ 'ইএনটি' বিভাগৰ অধ্যক্ষ ডাঃ অজয় স্বৰূপে উক্ত বিষয়ত কয় যে, "ক'ভিড-১৯ ৰোগীৰ চিকিৎসাত ষ্টেৰইডৰ ব্যৱহাৰ আৰু ক'ভিড আক্রান্ত মধুমেহ ৰোগীসকলৰ ক্ষেত্রত ক'লা ভেঁকুৰৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ অন্যতম কাৰণ হ'ব পাৰে।" অধ্যক্ষ গৰাকীয়ে লগতে কয় যে, ক'লা ভেঁকুৰৰ সংক্ৰমণ সাধাৰণতে ক'ৰনামুক্ত হোৱা মধুমেহ, বৃক্ক বা হৃদযন্ত্ৰ ৰোগীৰ লগতে কৰ্কট আক্রান্ত ৰোগীৰ ক্ষেত্ৰত সঘনাই পৰিলক্ষিত হয়। 

শেষত ডাঃ মনীষ মুঞ্জালৰে ক'লা ভেঁকুৰৰ সংক্ৰমণৰ লক্ষণসমূহ যেনে, "স্বাস-প্ৰশ্বাস জনিত সমস্যা, চকু বা গাল ফুলা আৰু নাকত ক'লা আৱৰণ হোৱাৰ  লগে লগে বায়োপ্সী কৰি শীঘ্ৰে "ভেঁকুৰ-উপশম থেৰাপী" গ্রহণ কৰাৰ পৰামৰ্শ দিয়ে।


 

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account