গুৱাহাটী, ১৫ মে': ছাৰ গংগা ৰাম চিকিৎসালয়ৰ আটাইতকৈ দীৰ্ঘদিনীয়া প্ৰখ্যাত প্ৰসূতি আৰু স্ত্ৰীৰোগ বিশেষজ্ঞ ডা° এছ কে ভাণ্ডাৰীয়ে ক'ভিড-১৯ত আক্ৰান্ত হৈ ৮৬ বছৰ বয়সত মৃত্যুবৰণ কৰে। ডা° ভাণ্ডাৰীয়ে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাৰ প্ৰসৱ কৰাইছিল। ডা° এছ.কে. ভাণ্ডাৰীক হৃদৰোগ আৰু অন্য কিছু সমস্যাৰ বাবে দুসপ্তাহ পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।
পৰৱৰ্তী পৰ্যায়ত তেওঁ ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হৈছিল। অৱশ্যে ডা° ভাণ্ডাৰীয়ে ক'ভিড-১৯ ভেকছিনৰ ২টা পালি গ্ৰহণ কৰিছিল।বৰ্তমান ডা° ভাণ্ডাৰীৰ ৯৭ বছৰীয়া অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া স্বামীকো ক'ভিড-১৯ পৰীক্ষাত পজিটিভ হিচাপে চিনাক্ত হোৱাৰ পিছত আইচিইউত চিকিৎসা চলাই থকা হৈছে। আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই ডা° ভাণ্ডাৰীৰ স্বামীৰ স্বাস্থ্যৰ অৱনকি ঘটিব পাৰে বুলি পত্নীৰ মৃত্যুৰ বিষয়ে অৱগত কৰোৱা নাই।
Comments
কৰ’নাত আক্রান্ত হৈ কোনো লোকৰ মৃত্যু হ’লে তদন্ত হ’ব ঃ কেশৱ মহন্ত
Published on May 15, 2021|News Source : জনমভূমি
কিন্তু ইয়াৰ পাছতো প্রতিদিনেই ৰাজ্যত যথেষ্টসংখ্যক লোকৰ মৃত্যু ঘটিছে৷ সেয়েহে উক্ত লোকসকলৰ মৃত্যুৰ কাৰণ উদঘাটন কৰাটো জৰুৰী হৈ পৰিছে৷ চিকিৎসালয় নে পৰিয়ালৰ গাফিলতিত মৃত্যু হৈছে, সেই সন্দর্ভত তদন্ত কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ৰাজ্যখনত এতিয়ালৈকে কৰ’নাত আক্রান্ত হোৱা লোকৰ বাবে বিছনাৰ অভাৱ ঘটা নাই৷ আনহাতে ৰাজ্যত কৰ’নাই সৃষ্টি কৰা পৰিস্থিতি আৰু অধিক অৱনতি ঘটিলেহে সম্পূর্ণ লকডাউনৰ কথা চিন্তা কৰা হ’ব বুলি জনাই তেওঁ স্পষ্টভাৱে কয় যে সমগ্র ৰাজ্যখনতে নহয়, যিবোৰ অঞ্চলৰ পৰিস্থিতি অত্যন্ত শোচনীয় হ’ব, উক্ত অঞ্চলসমূহতহে লকডাউন ঘোষণা কৰা হ’ব পাৰে৷
মন কৰিবলগীয়া কথা যে মন্ত্রিত্ব লাভ কৰাৰ পাছত কৰ’নাই সৃষ্টি কৰা পৰিস্থিতি ৰোধ কৰাৰ বাবে দিনে-নিশাই কামত ব্রতী হোৱা মন্ত্রীজনে আজি জনতা ভৱনত থকা নিজা কার্যালয়ত বহাৰ লগতে স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰথীন্দ্র ভূঞাক লগত লৈ বিয়লি সোণাপুৰস্থিত কামৰূপ মহানগৰ জিলা চিকিৎসালয় পৰিদর্শন কৰে৷ এই পৰিদর্শন কালত মন্ত্রীজনে চিকিৎসাধীন লোকসকলৰ খবৰ লোৱাৰ লগতে চিকিৎসালয়খনত প্রয়োজনীয় জৰুৰী চিকিৎসা সেৱা আগবঢ়াব পৰাকৈ উপলব্ধ ব্যৱস্থাৱলীৰো বুজ লয়৷ মন্ত্রীজনে চিকিৎসালয়খনত অক্সিজেনৰ উপলব্ধতা অধিক বৃদ্ধি কৰিবলৈ ইতিমধ্যে জৰুৰীভাৱে কার্যব্যৱস্থা আৰম্ভ কৰা বুলিও সাংবাদিকক জানিবলৈ দিয়ে৷