Choose Language

  • All  
  • English
  • অসমীয়া
Breaking News
0
0
5250

ক'ভিড-১৯ ভেকছিনৰ উৎপাদনস্থলী "ভাৰত বায়'টেক"ৰ ৫০ কৰ্মচাৰী ক'ভিড পজিটিভ


Published on May 15, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

উদ্বেগজনকভাৱে হ্রাস কেঁচাপাতৰ উৎপাদন


Published on May 15, 2021|News Source : জনমভূমি

কর্দৈগুৰি ঃ নিজা প্রতিবেদক, ১৪ মে ঃ ‘সেউজীয়া সোণ’  হিচাপে খ্যাত চাহ খেতিৰ বাবে পর্যাপ্ত পৰিমাণৰ বৰষুণ অতি আৱশ্যক৷ অসমত প্রাকৃতিকভাৱে মার্চ-এপ্রিল মাহৰ পৰাই পর্যাপ্ত বৰষুণ হোৱাৰ বাবেই সাত সাগৰ তেৰ নদী পাৰ হৈ আহি ব্রিটিছসকলে উজনি অসমত চাহ বাগিচা স্থাপন কৰি অসমক সেউজীয়া কৰি তুলিছিল৷ ব্রিটিছে অসম এৰি যোৱাৰ পাছত সেই বাগিচাসমূহ থলুৱা ভাৰতীয় কোম্পানীৰ হাতত ৰ’ল যদিও সেই বাগিচাসমূহো বৰষুণৰ ওপৰতেই নির্ভৰ হৈ আহিছে৷

কিন্তু চলিত বছৰত চাহ খেতিৰ বাবে প্রয়োজন হোৱা বৰষুণ নোহোৱাত সংকটৰ সন্মুখীন হৈছে বৃহৎ বৃহৎ চাহ কোম্পানীৰ লগতে ক্ষুদ্র চাহ খেতিয়কসকল৷ জানিব পৰা মতে, চাহ খেতিৰ বাবে ১৩৭ মিঃমিঃ পৰিমাণৰ বৰষুণৰ প্রয়োজন৷ কিন্তু চলিত বছৰৰ মার্চ-এপ্রিল মাহত মাত্র ৩০ৰপৰা ৪০ মিঃমিঃ বৰষুণ হোৱাত চাহ খেতিলৈ অশনি সংকেত আহি পৰিছে৷

পর্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবেই কেঁচাপাতৰ উৎপাদন একেবাৰে নিম্নগামী হৈ পৰিছে৷ চাহ বাগিচাত কেঁচাপাতৰ উৎপাদন নোহোৱাৰ বাবেই উজনি অসমত চাহপাত ব্যৱসায়ৰ একছত্রী সম্রাট এ পি জে চাহ কোম্পানীটোলৈও সংকট নামি আহিছে৷ কেঁচাপাত পর্যাপ্ত পৰিমাণে উৎপাদন নোহোৱাৰ বাবেই বহুজাতিক চাহ কোম্পানীটোৰ কেইবাখনো চাহ বাগিচাত থকা চাহ ফেক্টৰী চলাবলৈ অসুবিধা হৈ পৰিছে৷ এ পি জে চাহ কোম্পানীৰ এটা সূত্রৰ মতে তিনিচুকীয়া জিলাখনৰ তালাপ, ডাঙৰী চাহ বাগিচাস্থিত চাহ ফেক্টৰীটো কেঁচাপাতৰ উৎপাদন হ্রাসৰ বাবেই চলাব পৰা নাই৷

ইয়াৰ বিপৰীতে তালাপ আৰু ডাঙৰী চাহ বাগিচাত উৎপাদিত কাষৰীয়া খোৱাং চাহ বাগিচাৰ ফেক্টৰীলৈ প্রেৰণ কৰি খোৱাং বাগিচাৰ ফেক্টৰীটো কোনোমতে চলাই আছে৷ তৎসত্ত্বেও খোৱাং চাহ বাগিচাৰ ফেক্টৰীটোৰ উৎপাদন চাহিদা পূৰণ কৰিব পৰা নাই৷ তথ্য মতে, খোৱাং চাহ বাগিচাৰ উৎপাদন ক্ষমতা ৬০,০০০ কেজি যদিও বর্তমান দুই তিনিখন বাগিচা মিলি কেঁচা চাহপাত উৎপাদন হৈছে মাত্র আঠ হাজাৰৰ পৰা দহ হাজাৰ কিল’৷

তালাপৰ বাগিচাৰ দৰেই এ পি জে চাহ কোম্পানীৰ তিনিচুকীয়া ডিব্রুগড় জিলাক সামৰি থকা খাৰজান বাগিচাতো চাহ ফেক্টৰীটো কেঁচাপাত উৎপাদন নোহোৱাৰ বাবেই চলাব নোৱাৰি উৎপাদিত পাত হাপজান চাহ ফেক্টৰীলৈ প্রেৰণ কৰিবলগীয়া হৈছে৷

একেদৰে এ পি জে চাহ কোম্পানীটোৰ ডুমডুমাৰ কাষতে থকা বদলাভেটা আৰু শুকানগুৰি চাহ বাগিচাত থকা বৃহৎ চাহ ফেক্টৰীকেইটাও উপযুক্ত পৰিমাণৰ কেঁচাপাত নোহোৱাত চলাব নোৱাৰি বাগিচাকেইখনত উৎপাদিত পাত হাপজান চাহ ফেক্টৰীলৈ প্রেৰণ কৰি চাহ বাগিচাত উৎপাদিত পাত ওচৰত কোনো কোম্পানীটোৰ ফেক্টৰী নথকাত নিজা বাগিচাত থকা ফেক্টৰীতেই মাৰিবলগীয়া হৈছে যদিও কেঁচাপাতৰ উৎপাদন কম হোৱাৰ বাবেই ফেক্টৰীটো প্রায়েই বন্ধ ৰাখিবলগীয়া হৈছে৷ এ পি জে বাগিচাৰ সূত্রই প্রকাশ কৰা অনুসৰি, মে’ মাহতো যদি পর্যাপ্ত পৰিমাণৰ বৰষুণ নহয়, তেন্তে উজনিৰ চাহ খেতিলৈ ভয়াৱহ সংকট নামি অহাটো নিশ্চিত৷ বতৰৰ গতি যদি একেদৰে থাকে তেন্তে চাহ শ্রমিকৰ মজুৰি, বোনাছ আদি প্রদান কৰাৰ ক্ষেত্রতো সংকট আহি পৰাটো নিশ্চিত বুলি সূত্রটোৱে প্রকাশ কৰিছে৷

 

Cartoon
View Older

 

June 23, 2021


Entertainment
View Older


From Our Archive

Create Account