Cartoon
View Older
গুৱাহাটী, ১৫ মে': অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৪মে' তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰে আৰু ক'ভিড ৰোগীৰ বাবে পাৰ্কিংস্থলীত নিৰ্মাণ কৰি থকা ২০০খন বিচনাযুক্ত চিকিৎসালয়ৰ বুজ লয়, লগতে মুখ্যমন্ত্ৰী শৰ্মাই ক'ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হৈ চিকিৎসাধীন অৱস্থাত থকা জি.এম.চি.এইচৰ অধীক্ষক ড. অভিজিত শৰ্মাকো সাক্ষাৎ কৰে।
মাৰাত্মক ক'ভিড-১৯ৰ সৈতে আগশাৰীৰ যোদ্ধা হিচাপে যুঁজ দি যোৱা ড০ অভিজিত শৰ্মা কিছু দিন পূর্বে ক'ভিড-১৯ত আক্রান্ত হৈছিল। লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অধীক্ষকজনৰ আশু আৰোগ্য কামনা কৰি নিজৰ ভাল যত্ন ল'বলৈ অধীক্ষক গৰাকীক পৰামৰ্শ দিছিল। সম্প্ৰতি ড° অভিজিৎ শৰ্মাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ আগমনৰ পিছত যথেষ্ট মানসিকভাৱে উৎফুল্লিত হৈ পৰিছে বুলি জিএমচিএইচ কৰ্তৃপক্ষই জানিবলৈ দিয়ে।
Comments
অসমত কভিড নিয়ন্ত্ৰণ ব্যৱস্থাপনা সম্পৰ্কে কি ক’লে মুখ্যমন্ত্ৰীয়ে
Published on May 15, 2021|News Source : ৰুবী বৰুৱা দাস
গুৱাহাটী, ১৫ মে’- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে, ৰাজ্যখনত প্ৰতিদিনে ১লাখকৈ কভিড পৰীক্ষা কৰাৰ বাবে পদক্ষেপ লোৱা হৈছে। গুৱাহাটীত কালি এখন পর্যালোচনা সভাত ড০ শর্মাই অহা সোমবাৰৰ পৰা গুৱাহাটীত প্রতিদিনে ২০,০০০ লোককৰ কভিড পৰীক্ষা কৰা হ'ব বুলি প্রকাশ কৰে আৰু লগতে অহা সোমবাৰৰ পৰা নিজ গৃহত সুকীয়া শৌচালয় সংলগ্ন পৃথক কোঠা নথকা ৫০ বছৰৰ উৰ্ধৰ কভিড আক্রান্ত লোকসকলক ৰোগ পৰিচর্যা কেন্দ্র অথবা কভিড হাস্পতাললৈ স্থানান্তৰ কৰাটো বাধ্যতামূলক হ'ব বুলিও উল্লেখ কৰে।
আনহাতে, ৰাজ্যখনৰ চাহ বাগিচাসমূহত কভিডৰ সংক্রমণ প্রতিৰোধৰ বাবে স্বাস্থ্য বিভাগে আজি নতুন নীতি-নির্দেশনা প্রকাশ কৰিব বুলিও ড° শৰ্মাই জানিবলৈ দিয়ে।তেওঁ কয় যে কন্টেনইমেণ্ট জ'নত থকা দুখীয়া ৰোগীসকলক এককালীন ভাট্টা হিচাপে ২,০০০ টকাৰ খাদ্য সামগ্রী প্রদানৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
কালি অসমত ৪,০৭৮ জন লোক নতুনকৈ কভিড -১৯ ত আক্ৰান্ত হিচাপে চিনাক্ত কালিৰ দিনটোত মুঠ সংক্রমনৰ হাৰ আছিল ৯.২৬ শতাংশ। সংক্রমিতসকলৰ ভিতৰত ১,১০৭ জনেই কামৰূপ মহানগৰ জিলাৰ। ইয়াৰ বিপৰীতে কালি ৪,১৬৮জন ক'ভিড ৰােগীক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হয়।
সম্প্রতি ৰাজ্যখনত ৪১,৯৭৮ জন সক্রিয় কভিড ৰোগী আছে। ৰাজ্যখনত কালিৰ দিনটোত ৭৬ জন লোকে কভিড-১৯ ৰোগৰ ফলত প্রাণ হেৰুৱায়। ইয়াকে ধৰি ৰাজ্যখনত এতিয়ালৈকে কভিড -১৯ত মৃত্যু হোৱা লোকৰ সংখ্যা ২০৬০জন হৈছেগৈ।