Classifieds
View All
গুৱাহাটী, ১৫ মে’- কভিডে বিধ্বস্ত কৰা ভাৰতত চিকিৎসকসকলৰ ত্যাগ আৰু প্ৰচেষ্টাৰ সীমাহীন উদাহৰণে অনুপ্ৰেৰণা দিছে হাজাৰ হাজাৰ ভয়াৰ্ত জনতাক। তেনে এক চমকপ্ৰদ সাফল্যৰে সকলোকে উৎসাহিত কৰিছে উড়িশাৰ ভুৱনেশ্বৰৰ এজন চিকিৎসক ড. অৰিজিত মহাপাত্ৰই।
গুডিয়া নামৰ এমহীয়া কন্যা শিশু এটি কভিডত আক্ৰান্ত হোৱাত ১০ দিন ভুৱনেশ্বৰৰ এখন হস্পিতালত ভেণ্টিলেশ্বনত ৰাখিবলগীয়া হৈছিল। শিশুটোৰ চিকিৎসক ড. অৰিজিত মহাপাত্ৰই কয় যে গুডিয়া এতিয়া সম্পূৰ্ণ সুস্থ আৰু ই এক চমৎকাৰৰ বাহিৰে আন একো নহয়। মহামাৰী কভিডৰ সংহাৰত মন-মগজু অৱসাদেৰে ভৰাক্ৰান্ত হৈ পৰা সময়ত চিকিৎসকসকলৰ এনে সাফল্য ক’লা ডাৱৰৰ কাষত জিলিকি উঠা ৰূপালী ৰেখাৰ দৰে।
Comments