Cartoon
View Older
গুৱাহাটী, ১৫মে': প্ৰখ্যাত অভিনেতা, মহাভাৰতৰ ভীষ্ম, শক্তিমানকে ধৰি বলিষ্ঠ অভিনয় কৰা মুকেশ খান্নাৰ জেষ্ঠ্য ভগ্নী কমলা কাপুৰৰ কভিড-১৯ত আৰোগ্য হৈ উঠা পিছতে মৃত্যুবৰণ কৰে। বিগত কিছু দিন পূৰ্বে ক'ভিড-১৯ৰ পাৰ আৰোগ্য হৈ চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছতে হাঁওফাঁওৰ ৰোগত আক্ৰান্ত হৈ ভগ্নী কমল কাপুৰে মৃত্যুবৰণ কৰে।
জেষ্ঠ্য ভগ্নীৰ মৃত্যু সন্দৰ্ভত অভিনেতা মুকেশ খান্নাই কয় যে, "১২ দিন পূৰ্বে ক'ভিড-১৯ত আক্রান্ত হোৱা ভগ্নী কমলা কাপুৰে সফলতাৰে ভাইৰাছৰ সৈতে যুঁজ দি সুস্থ হৈ ঘৰলৈ উভতি আহে। কিন্ত ভগ্নী কমলাৰ ক'ভিড-১৯ত আক্রান্তৰ ফলত হাঁওফাঁওটো যথেষ্ট দুৰ্বল হৈ পৰে, আৰু পৰৱৰ্তী পৰ্যায়ত শ্বাস-প্ৰশ্বাসৰ অসুবিধাত ভুগি ভগ্নী কমল কাপুৰে মৃত্যুবৰণ কৰিব লগা হয়।"
Comments