Cartoon
View Older
গুৱাহাটী, ১৪ মে': ইম্ফলৰ এখন চিকিৎসালয়ত ক'ভিড-১৯ত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত থকা মণিপুৰ বিজেপিৰ সভাপতি এছ টিকেন্দ্ৰ সিঙে ৬৯ বছৰত মৃত্যুবৰণ কৰে। টিকেন্দ্ৰ সিঙক ২০২০ চনৰ জুন মাহত বিজেপি মণিপুৰ গোটৰ সভাপতি হিচাপে নিযুক্তি দিয়া হৈছিল।
বিজেপিৰ সভাপতি গৰাকীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে মুখ্যমন্ত্রী এন বীৰেন সিং, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা আৰু কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে গভীৰ শোক প্ৰকাশ কৰে।
Comments