Classifieds
View All
গুৱাহাটী,১৪ মে': আজি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পিএম-কিষাণ) আঁচনিৰ অধীনত নিম্নতম বিত্তীয় লাভালাভৰ অষ্টম কিস্তি মুকলি কৰিলে।
তেওঁ এক ভিডিঅ' কনফাৰেন্সৰ যোগে পুৱা ১১ বজাত এই পুঁজি মুকলি কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। এই কিস্তিৰ অধীনত,৯.৫ কোটিৰো অধিক কৃষক পৰিয়াললৈ ১৯,০০০ কোটিতকৈও অধিক ধন বিতৰণ কৰা হ'ব।
২০২১-২২ বিত্তীয় বৰ্ষৰ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ এইটো প্ৰথম কিস্তি হ'ব।পুঁজি মুকলি কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোডীয়ে কৃষক-হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে ।
এই অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ওপৰিও উপস্থিত থাকে কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ ।
Comments