Classifieds
View All
গুৱাহাটী, ১৪ মে': ভাৰতৰ ক'ভিড-১৯ সাহায্য পুঁজিলৈ ইথেৰিয়াম (ইটিএইচ)ৰ সহ-প্ৰতিষ্ঠাপক আৰু বিশ্বৰ কনিষ্ঠতম ২৭ বছৰীয়া ক্ৰিপ্টোকাৰেন্সী কোটিপতি ভিটালিক বুটেৰিনে ১.১৪ বিলিয়ন ডলাৰৰ আৰ্থিক অনুদান আগবঢ়ায়। পলিগনৰ প্ৰতিষ্ঠাপক সন্দীপ নাইলৱালে স্থাপন কৰা ভাৰতৰ ক্ৰিপ্টো ক'ভিড সাহায্য পুঁজিলৈ ১.১৪ বিলিয়ন ডলাৰ মূল্যৰ ৫০ ট্ৰিলিয়ন শিবা ইনু (এছআইবি) ট'কেন দান কৰিছে বুলি জানিবলৈ দিয়ে।
ভাৰতৰ মহামাৰী ক'ভিড-১৯ৰ পৰিস্থিতি বৰ্তমান উদ্বেগজনক পৰ্যায়ত আছে, আৰু বহুতো ৰাষ্ট্ৰই দেশখনক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। আনহাতে বিশ্বৰ আটাইতকৈ কনিষ্ঠ ক্ৰিপ্টোকাৰেন্সী কোটিপতি ভিটালিক বুটেৰিনে আগবঢ়োৱা ১.১৪ বিলিয়ন ডলাৰ আৰ্থিক অনুদানৰ বাবে ভাৰতৰ ক্ৰিপ্টো ক'ভিড সাহায্য পুঁজি কৰ্তৃপক্ষই ধন্যবাদ জ্ঞাপন কৰে।
Comments