গুৱাহাটী,১৪ মে': ভূপালত যোৱা মাহত এগৰাকী কভিড ৰোগীক চিকিৎসালয়তেই ধৰ্ষণ কৰা হৈছিল যাৰ পিছত সেই মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক বিপজ্জনক হৈ পিছদিনা মৃত্যু হয়।
দুষ্কাৰ্য সংঘটিত কৰা ৱাৰ্ডৰ কৰ্মচাৰীজনক ভুক্তভোগী মহিলাগৰাকীৰ দ্বাৰা চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰা হৈছিল, দোষীক আদালতত হাজিৰ কৰোৱা হৈছিল আৰু পিছদিনা কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
মৃত্যু হোৱা মহিলাগৰাকীৰ ১৯৮৪ চনৰ ভূপাল গেছ দুৰ্ঘটনাত প্ৰাণ ৰক্ষা হৈছিল।ভূপাল গেছ ট্ৰেজেডী পীড়িতসকলৰ অধিকাৰৰ বাবে যুঁজ দিয়া সংগঠনে অভিযোগ কৰিছে যে ৪৩ বছৰীয়া ভুক্তভোগী গৰাকীৰ পৰিয়ালক এই ঘটনাটোৰ বিষয়ে অৱগত কৰা হোৱা নাছিল। তেওঁলোকে লগতে কৈছে মহিলাগৰাকী জীয়াই থকাৰ সময়ত চিকিৎসালয়ৰ কভিড ৱাৰ্ডত ভৰ্তি হোৱা আন এগৰাকী ২৪ বছৰীয়া মহিলাকো একেটা ৱাৰ্ডৰ কৰ্মচাৰীয়ে যৌন উৎপীড়ন চলাইছিল।
এই সমগ্ৰ অভিযোগ নস্যাৎ কৰি ভূপালৰ ডি.আই.জিয়ে কৈছে যে আমি ইতিমধ্যে এই প্ৰসংগৰ লগত জড়িত দোষীক গ্ৰেপ্তাৰ কৰি জে'ললৈ প্ৰেৰণ কৰিছোঁ । তেওঁলোকৰ অভিযোগ ভিত্তিহীন,আমি এই ঘটনাক গাপ দিয়াৰ কোনো অপচেষ্টা কৰা নাই ।
Comments