Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5167

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ ঘোষণা:পৰিস্থিতি অধিক অৱনমিত হ'লে ঘোষণা কৰা হ'ব লকডাউন


Published on May 14, 2021 | News Source: প্ৰণৱজ্যোতি দত্ত,ফটোঃ ৰেৱ কুমাৰ বৰা
Share This Page
Related Stories

অ' এন জি চি,অইল, ভাৰতীয় তেল নিগমলৈ আলফা স্বাধীন সকীয়নি: অ'এন জি চি অইললৈ পৰেশ বৰুৱাৰ ৭টা চৰ্ত


Published on May 14, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ১৪ মে':এইবাৰ অ' এন জি চি, অইল আৰু ভাৰতীয় তেল নিগমলৈ পৰেশ বৰুৱাৰ সকীয়নি। আজি ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান তিনিটালৈ বিবৃতি প্ৰেৰণ কৰিছে নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে।আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই নিজে স্বাক্ষৰ কৰা এক মেইলযোগে দিছে এই সকীয়নি।অ'এন জি চি, অইল, আৰু ভাৰতীয় তেল নিগমক ৭টা চৰ্ত বান্ধি দিছে আলফা স্বাধীনে।

এই ৭টা  চৰ্ত নামানিলে ল'ব কঠোৰ ব্যৱস্থা।

কি কি চৰ্ত বান্ধি দিছে আলফা স্বাধীনে? 

১) অ' এন জি চি অইলত চাকৰিৰ ৯৫ শতাংশ কেৱল থলগিৰি লোকৰ বাবে সংৰক্ষণ কৰিব লাগিব।

২)চাকৰিত মকৰলৰ সকলোধৰণৰ যোগ্যতা নিৰ্ণয়কাৰী পৰীক্ষা অসমতেই পাতিব লাগিব।

৩) অ' এন জি চি অইলৰ পৰিচালন সঞ্চালকৰ পদ যোগ্য থলগিৰি ব্যক্তিৰ বাবে সংৰক্ষণ কৰিব লাগিব।

৪)অ' এন জি চি অইলৰ ঠিকাভিত্তিক নিয়োগ বন্ধ কৰি চাকৰি নিয়মীয়া কৰিব লাগিব।

৫)আৰম্ভণিৰে পৰা অসমৰ কিমান লম্পদ নিলে আৰু লাভৰ কিমান শতাংশ অসমে পালে তাৰ হিচাপ দিব লাগিব।

৬)অ' এন জি চি অইলৰ চাকৰিত নিয়োগৰ নামত চলি থকা অসাধু গোষ্ঠাীক উৎখাত কৰিব লাগিব।

৭)অসমৰ বিভিন্ন উৎসৱ-পাৰ্বন আয়োজন কৰিবলৈ বিভিন্ন দল-সংগঠনক দান-বৰঙণি দিয়াৰ লগতে বানপীড়িত তথা প্ৰাকৃতিক দুৰ্যোগত পতিত আৰ্তজনক প্ৰতিষ্ঠান দুটাই প্ৰত্যক্ষভাৱে বছৰি ৫ কোটিকৈ টকা দিব লাগিব।


Published on January 1, 1970|News Source :


Published on January 1, 1970|News Source :

আলফাই অপহৰণ কৰা অ’এনজিচিৰ বিষয়া ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে তাৎক্ষণিক পদক্ষেপ ল’ব চৰকাৰে


Published on May 14, 2021|News Source : প্ৰণৱজ্যোতি দত্ত

গুৱাহাটী, ১৪ মে':যোৱা ২১ এপ্ৰিলৰ পুৱতি নিশা লাকুৱাৰ অ’এন জি চিৰ ৮নং জিজিএছৰ পৰা মোহিনীমোহন গগৈ, ৰিতুল শইকীয়া আৰু অলকেশ শইকীয়া নামৰ তিনিগৰাকী বিষয়াক অপহৰণ কৰা হৈছিল।

২৩ এপ্ৰিলৰ নিশা নাগালেণ্ডৰ মন জিলাৰ পৰা অলকেশ শইকীয়া আৰু মোহিনী মোহন গগৈক উদ্ধাৰ কৰা হয়।বৰ্তমানেও সন্ধানহীন হৈ আছে আনগৰাকী বিষয়া ৰিতুল শইকীয়া।

বৃহস্পতিবাৰে মাজুলীৰ আৱৰ্ত ভৱনত কোলাত চাৰিমহীয়া সন্তান লৈ আলফা স্বাধীনে অপহৰণ কৰা অ’এনজিচিৰ বিষয়া ৰিতুল শইকীয়াৰ পত্নীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে।

মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ পিছত তিতাবৰৰ বিধায়ক ভাষ্কৰজ্যোতি বৰুৱাই জানিবলৈ দিয়ে যে," মুখ্যমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছে।ৰিতুল শইকীয়াৰ মুক্তিৰ বাবে অসম চৰকাৰে তাৎক্ষণিক পদক্ষেপ ল’ব।"

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account