Choose Language

  • All  
  • English
  • অসমীয়া
0
0
5166

ক'ভিড যুদ্ধৰ বাবে অনুষ্কা-বিৰাটৰ ১১.৩৯ কোটি টকা সংগ্ৰহ


Published on May 14, 2021 | News Source: বিজয় শংকৰ বৰা
Share This Page
Related Stories

বিৰাট-অনুষ্কাই ক'ভিড ৰোগীৰ সহায়ৰ বাবে আগবঢ়ালে ২ কোটি টকাৰ আৰ্থিক অৰিহণা


Published on May 7, 2021|News Source : অৰূপ ডেকা

 গুৱাহাটী, ৭ মে': তাৰকা দম্পতী অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিয়ে শেহতীয়াকৈ ক'ভিড ৰোগী সকলক সাহায্য প্ৰদানৰ উদ্দেশ্যে "কভিড পুঁজি সংগ্ৰহ অভিযান" আৰম্ভ কৰে। দম্পতিহালে "এয়াই এক হোৱাৰ সময়" শীৰ্ষক প্ৰচাৰ চলাই 'ৰাজহুৱা ধন সংগ্ৰহ সন্থা' কেট'ৰ সৈতে সহযোগ কৰি কভিড ৰোগীৰ সহায়ৰ বাবে ২ কোটি টকা অনুদান আগবঢ়ায়। তাৰকা দম্পতি বিৰুষ্কাই ৭ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য বান্ধি লোৱা বুলি জানিবলৈ দিয়ে। 

ক'ভিড ৰোগীৰ সহায়ৰ বাবে আৰম্ভ কৰা সেৱা সন্দৰ্ভত অনুষ্কাই কয় যে, "ভাৰতে বৰ্তমান অত্যন্ত কঠিন পৰিস্থিতিৰ সৈতে দিন অতিবাহিত কৰিবলগীয়া হৈছে।মহামাৰী ক'ভিড-১৯ ৰ দ্বিতীয় ঢৌৱে দেশখনক গভীৰ সংকটৰ দিশে লৈ গৈছে। সেয়েহে বৰ্তমান সময়ত সকলোৱে একত্ৰিত হৈ ক'ভিড ৰোগীৰ সকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিব লাগে। লগতে অনুষ্কাই স্বামী বিৰাটসহ কভিডত মৃত্যু হোৱা লোকসকলৰ প্ৰতি গভীৰ শোক আৰু সমবেদনা জ্ঞাপন কৰে। ক'ভিড ৰোগীৰ সহায়ৰ বাবে আৰম্ভ কৰা এই পুঁজিয়ে ভাইৰাছৰ বিৰুদ্ধে দেখখনক যুঁজ দিয়াত কিছু পৰিমাণে সহায় কৰিব বুলি অভিনেত্রী গৰাকীয়ে জানিবলৈ দিয়ে।

আনহাতে তাৰকা ক্রিকেট খেলুৱৈ বিৰাটে কয় যে, "দেশবাসীয়ে বৰ্তমান এক অভূতপূৰ্ব সময়ৰ মাজেৰে গতি কৰি আছে। সেয়েহে সকলোৱে যিদৰে পাৰে ক'ভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাত দেশখনক সহায়ৰ হাত আগবঢ়োৱা উচিত। বিগত বছৰৰ পৰা পীড়িত লোকসকলক দেখি দম্পতিহাল হতবাক হৈ পৰে আৰু বিগত বৰ্ষৰ পৰাই দেশবাসীক পাৰ্য্যমানে সহায়ৰ হাত আগবঢ়াই অহা বুলি কোহলিয়ে কয়। বৰ্তমান ভাৰতে পূর্বতকৈ অধিক চিকিৎসা সামগ্রীৰ নাটনিৰ সৈতে যুঁজ দি থকা পৰিলক্ষিত হৈছে। সেই উদ্দেশ্যে বিৰাটে বিশ্বাস ৰাখি কয়, "সহায়ৰ প্ৰয়োজন হোৱা লোকসকলক সহায় কৰিবলৈ অতিৰিক্ত পুঁজি সংগ্ৰহ কৰাৰ স্বাৰ্থত সকলো দেশৰ লোক আগবাঢ়ি আহিব।"

"এয়াই এক হোৱাৰ সময়" পুঁজি সংগ্ৰহৰ প্ৰচাৰ ৭ দিন পৰ্যন্ত চলিব আৰু সংগ্ৰহ কৰা উপাৰ্জনৰ ধন সফল ৰূপায়ণেৰে 'এচিটি গ্ৰাণ্ট'লৈ আগবঢ়োৱা হ'ব। উক্ত পুঁজি সংগ্ৰহ প্ৰচাৰ সন্দৰ্ভত 'এচিটি গ্ৰাণ্ট'ৰ মুখপাত্ৰ গায়ত্ৰী যাদৱে কয় যে, "অনুষ্কা আৰু বিৰাটৰ দৰে শক্তিশালী কণ্ঠস্বৰে পুঁজি সংগ্ৰহৰ প্ৰচেষ্টা তৈয়াৰ কৰাত সহায় কৰিলে দেশবাসীক ক'ভিডৰ সৈতে মোকাবিলা কৰাত যথেষ্ট সহায় আগবঢ়াব। লগতে কিট' প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু সহ-প্ৰতিষ্ঠাপক বৰুণ শ্বেথে কয়, "দেশৰ ক'ভিড ৰোগীৰ বাবে বিৰাট কোহলি আৰু অনুষ্কা শৰ্মাৰ আগবঢ়োৱা সাহায্য কাৰ্যসূচীক লৈ প্ৰতিষ্ঠানৰ সকলো লোক আনন্দিত হৈ পৰিছে।"
 

Cartoon
View Older

 

June 17, 2021


Entertainment
View Older


From Our Archive

Create Account