Choose Language

  • All  
  • English
  • অসমীয়া

নাৰদা কেলেংকাৰীত গ্ৰেপ্তাৰ টিএমচিৰ ৪ জন বিধায়ক


Published on May 17, 2021 | News Source: অৰূপ ডেকা
Share This Page
Related Stories

নগালেণ্ডৰ ইএনপিঅ'ৰ সভাপতি চি শশী নাগাৰ দেহাৱসান


Published on May 17, 2021|News Source : অৰূপ ডেকা

গুৱাহাটী, ১৭ মে': ইষ্টাৰ্ণ নগালেণ্ড পিপলছ সংস্থা (ইএনপিঅ')ৰ সভাপতি চি শশী নাগাৰ ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হয়। ইএনপিঅ' হৈছে পূৱ নগালেণ্ড দাবী কৰি অহা ৰাজনৈতিক দল। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি দীৰ্ঘদিনীয়া হৃদৰোগী শশী নাগাৰ ক'ভিড-১৯ ত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত ১২:৩০ বজাত মৃত্যু হয়। 

শশী নাগা চলিত বৰ্ষৰ ৩১ মাৰ্চত ইএনপিঅ'ৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০২৩ বৰ্ষলৈ নাগাৰ কাৰ্য্যকাল আছিল। উক্ত দলটো নাগা সভাপতি আৰু মানলাং ফম সাধাৰণ সম্পাদক হিচাপে ৬টা জনজাতিৰ ৬৪ জন কেন্দ্ৰীয় কাৰ্যবাহী পৰিষদৰ (চিইচি) সদস্যৰে গঠন কৰা হয়। 

ইএনপিঅ'ৰ সভাপতি চি. শশী নাগাৰ আকস্মিক মৃত্যুত বিৰোধী দলৰ নেতা তথা নগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙে টুইট যোগে গভীৰ শোক প্ৰকাশ কৰে। লগতে নাগা পিপলছ ফ্ৰণ্ট (এনপিএফ) আৰু ডিমাপুৰ ইষ্টাৰ্ণ নাগালেণ্ড ষ্টুডেণ্টছ ইউনিয়নেও শশী নাগাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। 
ইতিমধ্যে  ইএনপিঅ'য়ে পূৱ নাগালেণ্ডত অৰ্ধ দিনৰ শোক ঘোষণা কৰিছে।

শশী নাগাৰ অন্ত্যেষ্টিক্ৰিয়া আজি সন্মানীয় ভাৱে ডিমাপুৰত সম্পন্ন কৰা হ'ব বুলি দলৰ সদস্যবৃন্দই জানিবলৈ দিয়ে। বৰ্তমানলৈ নগালেণ্ডত মুঠ ২৪১ জন লোক নতুনকৈ ক'ভিড-১৯ত আক্রান্ত হৈছে আৰু ১৩ জন ক'ভিড আক্রান্ত ৰোগীৰ মৃত্যু হৈছে বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে। সম্প্রতি ৰাজ্যখনত মুঠ ক'ভিড সক্ৰিয় ৰোগীৰ সংখ্যা ৪,১০০ জনলৈ বৃদ্ধি পাইছে।

Cartoon
View Older

 

June 20, 2021


Entertainment
View Older


From Our Archive

Create Account