ডিমৌ : নিজা প্ৰতিবেদক, ১৭ মে': ৰাজ্যত অব্যাহত থকা মহামাৰী কৰ'নাৰ দ্বিতীয় ঢৌৰ সন্ত্ৰাসে জনজীৱন প্ৰায় বিধস্ত কৰি পেলাইছে। আনহাতে, দৈনিক বৃদ্ধি পাই থকা ক'ৰ'না ৰোগীৰ সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাতো বিভিন্ন প্ৰান্তত ক'ভিড হাস্পতাল আৰু ক'ভিড কেয়াৰ চেণ্টাৰ স্থাপন কৰা হৈছে। আৰু ৰোগী সকলৰ সুবিধাৰ্থে সকলো সা-সুবিধা প্ৰদান কৰা হৈছে।
এই ক'ভিড কেয়াৰ চেন্টাৰ সমূহৰ সা-সুবিধা সমূহৰ বুজ ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে আজি শিৱসাগৰ জিলাৰ উপায়ুক্ত বিষ্ণুকমল বৰাই ডিমৌৰ বৰুৱা চাংমাইস্থিত পলিটেকনিক কভিড কেয়াৰ চেন্টাৰতো পৰিদৰ্শন কৰাৰ লগতে অাঠাবাৰী চাহ বাগিছা চিকিৎসালয়ো পৰিদৰ্শন কৰে।
ডিমৌ ৰাজহ চক্ৰ বিষয়া ফিলিছ ৰাংচালৰ সৈতে ডিমৌ বৰুৱাচাংমাইস্থিত ৮৮ খন বিচনাযুক্ত ক'ভিড কেয়াৰ চেন্টাৰত উপস্থিত হৈ চিকিংসক, নাৰ্ছ, চিকিৎসাকৰ্মী আৰু বৰ্তমান ভৰ্তি হৈ থকা ৩১ গৰাকী কভিড ৰোগীৰ সুবিধা-অসুবিধাৰ বুজ লয় উপায়ুক্ত গৰাকীয়ে।
আনহাতে জিলা উপায়ুক্তগৰাকীয়ে জনাইছে যে বৰ্তমান শিৱসাগৰ জিলাত বৰ্তমান ৭ শতাধিক সক্ৰিয় ক'ভিড ৰোগী আছে আৰু ক'ভিড হাস্পতালবোৰত প্ৰায় ডেৰশ ৰোগী চিকিৎসাধীন হৈ আছে আনহাতে কুৰিজনৰো অধিক লোক কভিডত মৃত্যু হোৱাৰ বিপৰীতে দুই শতাধিক ৰোগী সুস্থ হৈ উঠিছে।
ইফালে নিজে ক'ভিডত আক্ৰান্ত হৈ বৰ্তমান সুস্থ হৈ উঠা ক'ভিড যোদ্ধা, জিলাৰ মূৰব্বীগৰাকীয়ে ডিমৌৰ লগতে জিলাখনৰ কভিড হাস্পতাল আৰু ক'ভিড কেয়াৰ চেন্টাৰসমূহলৈ গৈ সামগ্ৰিক দিশ সমূহ পৰ্যবেক্ষণ কৰি তেওঁ কয় যে ইতিমধ্যে তেখেতে জিলাখনৰ বহুকেইটা ক'ভিড চেণ্টাৰ পৰিদৰ্শন কৰিছে আৰু যি ধৰণেৰে পৰিকল্পনা কৰিছিল বৰ্তমানলৈকে সঠিক ফলাফল পাইছে আৰু লগতে তেওঁ কয় বৰ্তমান সময়ৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক সচেতনতাতো আটাইতকৈ জৰুৰী হৈ পৰিছে।
বৰ্তমান ডিমৌৰ পলিটেকনিক ক'ভিড কেয়াৰ চেন্টাৰকে ধৰি ২৭০ খন বিছনা ক'ভিড ৰোগীৰ বাবে সাজু হৈ আছে আৰু আমগুৰিত যিটো ক'ভিড কেয়াৰ চেন্টাৰৰ কাম চলি আছে তাতো ২০ খনকৈ বিছনা, লিগিৰী পুখুৰীত ২০ খন, আৰু ৫০ খন আৰৰ্বান মডেল হাস্পতালত সাজু কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। আনহাতে কণ্টেইন মেণ্ট জ'নত থকা সকলৰ বাবেও বিশেষ ধৰনৰ খাদ্য-সামগ্ৰীৰ যোগান ধৰিছে বুলি উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে।
Comments