Classifieds
View All
তিনিচুকীয়া: ১৮ মে’: কৰ’না সৃষ্ট পৰিবেশৰ বাবে ৰাজ্যৰ চাহ উদ্যোগৰ প্ৰতি চৰম ভাবুকি নামি আহিছে। ৰাজ্যৰ ভিতৰতে অধিক চাহ বাগিচা থকা জিলা হিচাপে পৰিচিত তিনিচুকীয়া জিলাত চাহ বাগিচা সমূহ চৰম সংকটৰ সন্মুখীন হ’ব লগা হৈছে।
বহু ঠাইত ৰুগ্ন হৈ চাহ বাগিচা জ্বলি যোৱাৰ দৰে হৈ পৰিছে।চাহ বাগিচাত ব্যয়ৰ বিপৰীতে আয় নোহোৱাত ক্ষুদ্ৰ চাহ খেতিয়ক সকল অধিক হতাশ হৈ পৰিছে। চাহ বাগিচা সমূহত এতিয়া ৰঙা চাহি (লাল পোক), লোপাৰ পোক, হেলোপেথিক আদি ৰোগে আক্ৰমণ কৰি ধংশ কৰি পেলাইছে।
চাহ বাগিছা সমূহ শুকান হৈ পৰিছে। উজনিৰ লগতে তিনিচুকীয়া জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চাহ বাগিচাৰ পৰাই পৰিয়াল পোহপাল দি আহিছে। তেনে ক্ষেত্ৰত এনে পৰিস্থিতিয়ে অনাগত দিনত এক অনাকাংক্ষিত পৰিবেশে যে বিৰাজ কৰিব সেয়া খাটাং হৈ পৰিছে।
Comments